পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/২০৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভিঞ্ক মন চাজজ১২/সিভীসাসি়লৰণসন॥চমাঠানভোণজজাতৱলম5তগলমদনচে লম দত=ল॥ামখাদৰনৰণ=+৭


পঞ্চম অধ্যায়। স্বাধীন ভাৰত ৷

লঁ মাউণ্টবেটেন £--১৯৪৭ খুঃৰ ১৫ আগষ্টৰ পৰ| ৪০ কোটি ভাৰতবাসী পৰাধীনতাৰ কবলৰ পৰ| মুক্ত হল। সেই দিনতেই ভাৰতবাসীয়ে স্বাধীনতাৰ নব-সংকল্প এহণ কৰে আৰু ত্ৰিঙ্গ পতাকাক জাতীয় পতাকা ৰূপে অভিবাদন জনায়৷

স্বাধীন ভাৰতে আন্তৰ্জাতিক ক্ষেত্ৰত যথাযোগ্য স্থান অধিকাৰ কৰি সম্মানিত হল। কিন্তু দেশবিভাগৰ ফলত আভ্যন্তৰীন শাস্তি নোহোৱা হল। ক্ষমতা হস্তান্তৰ আগৰে পৰ৷ ঘটা সাম্প্ৰদায়িক কটা-মৰাৰ ফলত অসংখ্য নিহ্ত হল আৰু লক্ষ লক্ষ হিন্দু- মুছলমান সৰ্ববস্বান্ত হৈ যথাক্ৰমে ভাৰত আৰু পাকিস্তানত আশ্ৰয় লবলৈ বাধ্য হল। এই ভগনীয়৷ বিলাকক আশ্রয় আৰু পুনৰ্ববসতি দানৰ সমস্যাই দুয়ে| চৰকাৰৰ অর্থ নৈতিক ব্যৱস্থা বিপন্ন কৰি তোলে। জুনাগড়, কাশ্মীৰ আৰু হায়দৰাবাদ লৈ ভাৰত আৰু পাকিস্তানৰ মাজত বিবাদৰ স্কূুচন| হয়।

গান্ধীজীৰ হত্যাকাণ্ড +--১৯৪৮ খৃুঃৰ ৩০ জানুৱাৰিৰ দিন! আবেলি জাতিৰ জনক মহাত্মা গান্ধীয়ে আততায়ী নাথুৰামৰ গুলীত প্রাণ দিয়ে। এই হত্যাকাণ্ড পৃথিবীৰ বুৰঞ্জাৰ এটা শোকাবহ ঘটন৷৷ গান্ধীজীৰ হত্যাকাণ্ডই পৃথিবী জুৰি বিষাদৰ সৃষ্টি কৰিলে। নাথুৰাম, আণপ্তে, মদনলাল আদিক এই হত্য|- কাণ্ডত লিপ্ত থকা অপৰাধত অভিযুক্ত কৰ৷ হয়। =