পৃষ্ঠা:ভাৰত বুৰঞ্জী.pdf/১৮৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

বৃটিচ ৰাজদণ্ডৰ তলত ভাৰত ১৭৯

লৰ্ড ৰিডিং ( ১৯২১--১৯২৫ ) £--_লৰ্ড চেম্চফোৰ্ডৰ পিছত লৰ্ড ৰিডিং ১৯২১ খৃঃত ভাৰতৰ ৰাজপ্ৰতিনিধি হৈ আহে৷

তেওঁ অহ সময়ত মহাত্ম৷ গান্ধীৰ নেতৃত্বত অহিংসামূলক অসহযোগ আন্দোলন প্রৱলভাবে চলিছিল। লৰ্ড ৰিডিঙে এই আন্দোলন দমন কৰিবলৈ মহাত্ম৷ গান্ধী প্রমুূখ্যে অসংখ্য দেশ প্ৰেমিকক কাৰাৰুদ্ধ কৰে। দমননীতিৰ ফলত দেশত আন্দোলন নকমিল বৰং বেছিহে তীব্ৰ হৈ উঠিল। ঠায়ে ঠায়ে হিংসাত্মক ঘটনাও ঘটিল ৷ সেই কাৰণে মহাত্মাই আন্দোলন বন্ধ কৰি দিয়ে। অসহযোগ আন্দোলন বন্ধ হোৱাৰ পিছত দেশবন্ধু চিত্তৰঞ্জন দাশ আৰু পণ্ডিত মতিলাল নেহৰু প্ৰভৃতি নেতাসকল জেলৰ পৰ| ওলাই “স্বৰাজ্য দল” নামে এটা নতুন ৰাজনৈতিক দল গঠন কৰে। মণ্টেগে৷-চেম্‌চফোৰ্ড শাসন-সংস্কাৰৰ অবসান ঘটাবৰ নিমিত্তে স্বৰাজ্য দলে আইন-পৰিষদত সোমায়।

লৰ্ড ৰিডিঙে লোণ কৰ বঢ়াই দিছিল আৰু ফৌজদাৰী আইন সংশোধন কৰিছিল৷

লৰ্ড আৰুইন ( ১৯২৬--১৯৩১ ) £ঃ--লৰ্ড ৰিডিং বিলাতলৈ ষোৱাৰ পিছত লৰ্ড আৰুইন ৰাজ-প্রতিনিধি স্বৰপে ভাৰতলৈ আহে ৷ তেওঁ আহিয়েই দেখিলে যে, অসহযোগ আন্দোলনৰ ফলত গোটেই ভাৰততে অশান্তি হৈছে; তেওঁ নান! উপায়েৰে দেশত শান্তি স্থাপিত কৰিবলৈ চেষ্ট৷ কৰিছিল।

চাইমন কমিচন 2£--ভাৰতৰ ৰাজনৈতিক অৱস্থা আৰু ভাৰতীয়

সকলৰ দাবীৰ ন্লায্যত৷ তদন্ত কৰিবৰ নিমিত্তে বৃটিচ পাল মেণ্টে চাৰ জন চাইমনৰ নেতৃত্বত এট| কমিটি ভাৰতলৈ পঠায়।