পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৯২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান যষ্ঠ ভাগ-বাজ্য সমূহ-অনুচ্ছেদ ১৯৭-১৯৯ তেতিয়া বিধান পৰিষদৰ দ্বাৰা কৰা বা পৰামৰ্শ দিয়া আৰু বিধান সভাৰ দ্বাৰা একমত হোৱা যদি কিবা সংশোধন থাকে, তেনে সংশোধন সহ বিধান সভাত দ্বিতীয় বাৰ যি ৰূপত পাৰিত হয় সেই ৰূপত বিধেয়কখন ৰাজ্যৰ বিধান মণ্ডলৰ সদনসমূহৰ দ্বাৰা পাৰিত হোৱা বুলি গণ্য কৰা হব। (৩) এই অনুচ্ছেদৰ কোনো কথা ধন সম্পৰ্কীয় বিধেয়ক প্ৰয়োগ নহব। ১৯৮(১) ধন সম্পৰ্কীয় বিধেয়ক বিধান পৰিষদত উত্থাপিত নকৰিব। ধনসম্পৰ্কীয় বিধেয়কৰ সম্বন্ধত বিশেষ প্ৰক্ৰিয়া। (২) বিধান পৰিষদ থকা ৰাজ্যৰ বিধান সভাৰ দ্বাৰা ধন সম্পৰ্কীয় বিধেয়ক এখন পাৰিত কৰাৰ পিচত তাক বিধান পৰিষদলৈ চুপাৰিছৰ কাৰণে-প্ৰেৰণ কৰা হব আৰু বিধান পৰিষদে বিধেয়কখন পোৱা তাৰিখৰ পৰা চৈধ্য দিন কালাবধিৰ ভিতৰত নিজৰ চুপাৰিছ সহ বিধেয়কখন বিধান সভালৈ ঘূৰাই পঠাব আৰু তেতিয়া বিধান সভাই বিধান পৰিষদৰ চুপাৰিছসমূহৰ সকলোবোৰ বা যিকোনোটো গ্ৰহণ বা প্ৰত্যাখ্যান কৰিব পাৰে। . , (৩যদি বিধান সভাই বিধান পৰিষদৰ চুপাৰিছসমূহৰ কোনোটো গ্ৰহণ কৰে তেনেহলে বিধান পৰিষদে চুপাৰিছ কৰা আৰু বিধান সভাই গ্ৰহণ কৰা সংশোধন সহ ধন সম্পৰ্কীয় বিধেয়কখন উভয় সদনৰ দ্বাৰা পাৰিত হোৱা বুলি গণ্য হব। (৪) যদি বিধান সভাই বিধান পৰিষদৰ চুপাৰিছ সমূহৰ কোনোটোকে গ্ৰহণ নকৰে তেনেহলে বিধান পৰিষদে চুপাৰিছ কৰা কোনো সংশোধন বিনা বিধান সভাৰ দ্বাৰা যি ৰূপত ইয়াক-পাৰিত কৰা হৈছিল সেই ৰূপতে ধন সম্পৰ্কীয় বিধেয়কখন উভয় সদনৰ দ্বাৰা পাৰিত হোৱা বুলি গণ্য হব। (৫) যদি বিধান সুভাৰদ্বাৰা পাৰিত আৰু বিধানপৰিষদলৈচুপাৰিছৰঅৰ্থে প্ৰেৰিত ধনসম্পৰ্কীয় বিধেয়কখন চৈধ্য দিনৰ উক্ত কালাৱধিৰ ভিতৰত বিধান সভালৈ পুনৰ ঘুৰাই পঠোৱা নহয় তেনেহলে উক্ত কালাৱধিৰ সমাপ্তিত যি ৰূপত বিধান সভাৰ দ্বাৰা ইয়াক পাৰিত কৰা হৈছিল সেই ৰূপতেই। বিধেয়কখন উভয় সদনৰ দ্বাৰা পাৰিত হোৱা বুলি গণ্য হব। ধন সম্পকীয় বিধেয়কৰ পৰিভাষা। ১৯৯।(১) এই অধ্যায়ৰ প্ৰয়োজনৰ কাৰণে কোনো বিধেয়কক ধন সম্পৰ্কীয় বিধেয়ক বুলি গণ্য কৰা হব যদি ইয়াত কেৱল নিম্নলিখিত বিষয় সমূহৰ সকলোেবোৰ অথবা যিকোনোটোৰ লগত সম্বন্ধ থকা উপবন্ধ অন্তৰ্বিষ্ট থাকে, যেনে- (ক) কোনো কৰৰ আৰোপন, বিলোপন, পৰিহাৰ, পৰিৱৰ্তন বা বিনিয়মন; (খ) ৰাজ্যৰ দ্বাৰা ধনৰ ঋণ গ্ৰহণ বা কোনো প্ৰত্যাভূতি দিয়াৰ বিনিয়মন, অথবা ৰাজ্যৰ দ্বাৰা লোৱা বা লব খোজা কোনো বিত্তীয় আভাৰৰ সম্বন্ধত বিধিৰ সংশোধন; (গ) ৰাজ্যৰ সঞ্চিত নিধি অথবা আকস্মিকতা নিধিৰ অভিক্ষা, এনেকুৱা কোনো নিধিত ধন জমা দিয়া বা তাৰ পৰা ধন উলিওৱা; (ঘ) ৰাজ্যৰ সঞ্চিত নিধিৰ পৰা ধন বিনিয়োগ (ঙ) কোনো ব্যয় ৰাজ্যৰ সঞ্চিত নিধিৰ ওপৰত ভৰিত ব্যয় বুলি ঘোষণা কৰা অথবা তেনে কোনো ব্যয়ৰ ৰাশি বৃদ্ধি কৰা; (চ) ৰাজ্যৰ সঞ্চিত নিধিৰ বা ৰাজ্যৰ লোক লেখাৰ (পাব্লিক একাউন্টৰ) বাবদ ধন প্ৰাপ্তি কৰা অথবা তেনে ধনৰ অভিক্ষা বা নিৰ্গমন কৰা; বা (ছ) (ক) ৰ পৰা (চ) লৈকে এই উপখণ্ড কেইটাত বিনিৰ্দিষ্ট বিষয় সমূহৰ যিকোনোটোৰ আনুষংগিক কোনো বিষয়। (২) কেৱল অৰ্থদণ্ড বা আন আৰ্থিক দণ্ড আৰোপণৰ অৰ্থে অথবা অনুজ্ঞপ্তিৰ বাবে অথবা কৃত