পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/৯৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

৬৭ ভাৰতৰ সংবিধান যষ্ঠ ভাগ -ৰাজ্য সমূহ-অনুচ্ছেদ ১৯৯-২০২ সেৱাৰ বাবে ফিজ দাবী কৰাৰ বা দিয়াৰ বাবে উপবন্ধ কৰিছে বুলিয়েই কিম্বা কেৱল কোনো স্থানীয় প্ৰাধিকাৰী বা নিকায়ৰ দ্বাৰা স্থানীয় প্ৰয়োজনৰ কাৰণে কোনো কৰৰ আৰোপণ, বিলোপন, পৰিহাৰ, পৰিৱৰ্তন বা বিনিয়মনৰ উপবন্ধ কৰিছে বুলিয়েই কোনো বিধেয়ক ধন সম্পৰ্কীয় বিধেয়ক বুলি গণ্য নহব। (৩) বিধান পৰিষদ থকা কোনো ৰাজ্যৰ বিধান মন্ডলত উত্থাপিত কোনো বিধেয়ক ধন সম্পৰ্কীয় বিধেয়ক হয়নে নহয় সেই সম্পৰ্কে কোনো প্ৰশ্নৰ উদ্ভৱ হলে সেই বিষয়ত তেনেকুৱা ৰাজ্যৰ বিধান সভাৰ অধ্যক্ষৰ বিনিশ্চয়েই চুড়ান্ত হব। (৪) অনুচ্ছেদ ১৯৮ ৰ অধীনত বিধান পৰিষদলৈ প্ৰেৰণ কৰোতে আৰু অনুচ্ছেদ ২০০ ৰ অধীনত ৰাজ্যপালৰ ওচৰত সন্মতি লাভৰ বাবে নিবেদন কৰোতে প্ৰত্যেকখন ধন সম্পৰ্কীয় বিধেয়কৰ ওপৰত সেইখন ধন সম্পৰ্কীয় বিধেয়ক বুলি বিধান সভাৰ অধ্যক্ষ স্বাক্ষৰ সহ প্ৰমাণপত্ৰ পৃষ্ঠাংকিত হব লাগিব। ২০০। যেতিয়া কোনো ৰাজ্যৰ বিধান সভাৰ দ্বাৰা বা বিধান পৰিষদ থকা ৰাজ্যৰ বিধান বিধেয়কত সন্মতি প্ৰদান। মণ্ডলৰ উভয় সদনৰ দ্বাৰা কোনো বিধেয়ক পাৰিত হয় তেতিয়া বিধেয়কখন ৰাজ্যপালৰ ওচৰত নিবেদন কৰা হব আৰু ৰাজ্যপালে হয় তেওঁ বিধেয়কখনত সন্মতি দিছে বুলি নহয় তাত সন্মতি দিয়াৰ পৰা বিৰত হৈছে বুলি অথবা ৰাষ্ট্ৰপতিৰ বিচাৰাৰ্থে বিধেয়কখন ৰাখি থোৱা বুলি ঘোষণা কৰিব পৰন্তু, সন্মতিৰ কাৰণে বিধেয়কখন নিবেদন কৰাৰ পিচত যথা সম্ভৱ শীঘ্ৰে ৰাজ্যপালে যদিহে ই ধন সম্পৰ্কীয় বিধেয়ক নহয় তেনেহলে সেই বিধেয়কখনৰ বা তাৰ কোনো বিশেষ উপবন্ধৰ পুনৰ বিচাৰ কৰিবলৈ আৰু বিশেষকৈ তেওঁ নিজ বাণীত চুপাৰিছ কৰি দিয়া তেনে কোনো সংশোধন উত্থাপন কৰাৰ বাঞ্চনীয়তাৰ বিচাৰ কৰিবলৈ অনুৰোধ কৰি বাণী সহ বিধেয়কখন সদনলৈ বা সদন কেইটালৈ ঘূৰাই পঠোৱা হয় তেতিয়া সদনে বা সদন কেইটাই তদনুসাৰে বিধেয়কখন পুনৰ বিচাৰ কৰিব আৰু যদি বিধেয়কখন সংশোধন সহ বা বিনা সংশোধনে সদনৰ বা সদন কেইটাৰ দ্বাৰা পুনৰ পাৰিত হয় আৰু সন্মতিৰ বাবে ৰাজ্যপালৰ ওচৰত নিবেদন কৰা হয়, তেনেহলে ৰাজ্যপালে তাত সন্মতি দিয়াৰ পৰা বিৰত নহব ঃ অধিকন্তু, যদি কোনো বিধেয়ক বিধিত পৰিণত হলে, ৰাজ্যপালৰ মতে উচ্চ ন্যায়ালয়ৰ ক্ষমতা এনেদৰে হ্ৰাস কৰা হব যে এই সংবিধানৰ দ্বাৰা পূৰণ কৰিব লগীয়া সেই ন্যায়ালয়ৰ স্থান সংকটাপন্ন হব তেনেহলে তেনে কোনো বিধেয়কত ৰাজ্যপালে সন্মতি নিদিব ৰং ৰাষ্ট্ৰপতিৰ বিচাৰাৰ্থে ৰাখি থৰ্ব। ২০১। যেতিয়া ৰাজ্যপালৰ দ্বাৰা কোনো বিধেয়ক ৰাষ্ট্ৰপতিৰ বিচাৰাৰ্থেৰক্ষিত হয় তেতিয়া বিচাৰাৰ্থে ৰক্ষিত ৰাষ্ট্ৰপতিয়ে বিধেয়কখনত তেওঁৰ সন্মতি দিয়া বুলি বা সন্মতি দিয়াৰ পৰা বিৰত হোৱা বুলি ঘোষণা বিধেয়ক সমুহ। কৰিব? পৰন্তু, যেতিয়ানেকি বিধেয়কখন ধন সম্পৰ্কীয় বিধেয়ক নহয় তেতিয়া ৰাষ্ট্ৰপতিয়ে সেই বিধেয়কখন স্থানবিশেষে ৰাজ্যৰ বিধান মণ্ডলৰ সদনলৈ অথবা সদনকেইটালৈ অনুচ্ছেদ ২০০ৰ প্ৰথম পৰম্ভকত যথা বণিত বাণী সহ ঘূৰাই পঠাবলৈ ৰাজ্যপালক নিৰ্দেশ দিব পাৰে আৰু কোনো বিধেয়ক তেনেকৈ ঘূৰাই পঠালে তেনেকুৱা বাণী প্ৰাপ্তিৰ তাৰিখৰ পৰা ছয় মাহ কালাৱধিৰ ভিতৰত সদনে বা সদন কেইটাই তদনুসাৰে তাক পুনৰ বিচাৰ কৰিব আৰু যদি সংশোধন সহ বা সংশোধন বিনা সদনৰ দ্বাৰা অথবা সদন কেইটাৰ দ্বাৰা ইয়াক পুনৰ পাৰিত কৰা হয়, তেনেহলে ৰাষ্ট্ৰপতিৰ বিচাৰৰ কাৰণে বিধেয়কখন পুনৰ নিবেদিত কৰা হব। বিত্তীয় বিষয় সম্পৰ্কে প্ৰক্ৰিয়া ২০২(১) প্ৰত্যেক বিত্তীয় বছৰৰ সম্বন্ধত এই ভাগত “বাৰ্ষিক বিত্তীয় বিৱৰণ” নামে উল্লিখিত বাৰ্ষিক বিত্তয়বিৱৰণ। সেই বছৰৰ নিমিত্তেৰাজ্য খনৰ প্ৰাককলিত আয় আৰু ব্যয়ৰ বিৱৰণ এখন, ৰাজ্যপালে ৰাজ্যৰ বিধান মণ্ডলৰ সদনত বা সদন কেইটাত দিয়াব।