পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/২২৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ষষ্ঠ অনুসূচী ২০১ [ অনুচ্ছেদ ২৪৪(২) আৰু ২৭৫(১).] [[ অসম [ মেঘালয়, ত্ৰিপুৰা ] আৰু মিজোৰাম ৰাজ্য ]] ৰ জনজাতি ক্ষেত্ৰসমূহৰ প্ৰশাসন বিষয়ক উপবন্ধসমূহ ১। স্বায়ত্ত শাসিত জিলা আৰু স্বায়ত্ত শাসিত অঞ্চল সমূহ - (১) এই দফাৰ. উপবন্ধ সমূহৰ অধীনত, এই অনুসূচীৰ ২০ দফাত সংযোজিত তালিকাৰ [[ ভাগ ১, ভাগ ২ আৰু ভাগ ২ক] ৰ প্ৰত্যেকটো প্ৰবিষ্টিৰ আৰু ভাগ ৩] ৰ জনজাতি ক্ষেত্ৰসমূহ একোখন স্বায়ত্ত শাসিত জিলা হব। (২) কোনো এখন স্বায়ত্ত শাসিত জিলাত বিভিন্ন অনুসূচিত জনজাতি থাকিলে, ৰাজ্যপালে সাৰ্বজনিক অধিসূচনাৰ দ্বাৰা, তেওঁলোকে বাসকৰ ক্ষেত্ৰক বা ক্ষেত্ৰ সমূহক স্বায়ত্ত শাসিত অঞ্চল ৰূপে বিভক্ত কৰিব পাৰে। (৩) ৰাজ্যপালে, সাৰ্বজনিক অধিসূচনাৰ দ্বাৰা (ক) যিকোনো অঞ্চল উক্ত তালিকাৰ [ যিকোনো ভাগৰ ] অন্তৰ্ভুক্ত কৰিব পাৰে; (খ) যিকোনো অঞ্চল উক্ত তালিকাৰ [ যিকোনো ভাগৰ পৰা বহিৰ্ভূত কৰিব পাৰে; (গ) কোনো নতুন স্বায়ত্ত শাসিত জিলাৰ সৃষ্টি কৰিব পাৰে; (ঘ) কোনো স্বায়ত্ত শাসিত জিলাৰ ক্ষেত্ৰ বৃদ্ধি কৰিব পাৰে; (ঙ) কোনো স্বায়ত্ত শাসিত জিলাৰ ক্ষেত্ৰ হ্ৰাস কৰিব পাৰে; (চ) কোনো এখন স্বায়ত্ত শাসিত জিলা গঠনৰ কাৰণে দুখন বা ততোধিক স্বায়ত্ত শাসিত। জিলা বা তাৰ কোনো ভাগবিশেষ লগ লগাব পাৰে; [ (চ চ) যিকোনো স্বায়ত্ত শাসিত জিলাৰ নাম সলনি কৰিব পাৰে; ] (ছ) যিকোনো স্বায়ত্ত শাসিত জিলাৰ সীমা নিশ্চিত কৰিব পাৰে? পৰন্তু, এই অনুসূচীব ১৪ দফাৰ (১) উপদফাৰ অধীনত নিযুক্ত কোনো আয়োগৰ প্ৰতিবেদন বিবেচনা নকৰাকৈ ৰাজ্যপালে এই উপদফাৰ খণ্ড (গ), (ঘ), (ঙ) আৰু (চ)ব তাধীনত কোনো আদেশ নিদিব? [উপন্তু, এই উপদফাৰ অধীনত বাজ্যপালে দিয়া যিকোনো আদেশত এনে অনুষংগিক আৰু পাৰিণামিক উপবন্ধ অন্তৰ্বিষ্ট থাকিব পাৰে (২০ দফাব যিকোনো সংশোধন আৰু উক্ত তালিকাৰ যিকোনো ভাগৰ যিকোনোটে৷ প্ৰবিষ্টিৰ সংশোধনকে ধৰি) যিবিলকিনেকি আদেশব উপবন্ধ সমূহ কাৰ্যকৰী কৰিবলে আৱশ্যক বুলি ৰাজ্যপালে বিবেচনা কৰে। ] ১। মিজোৰাম ৰাজ্য অধিনিয়ম, ১৯৮৬ (১৯৮৬ ৰ৩৪) ৰ ধাৰা ৩৯ ৰ দ্বাৰা কিছুমান ব্দৰ বাবে (২০-২-১৯৮৭ ৰ পৰা) প্ৰতিষ্ঠাপিত। ২। উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ ৰ (১৯৭১ব ৮১) ৰ ধাৰা ৭১(ঝ) আৰু তন্নিবিষ্ট অষ্টম অনুসূচীৰ দ্বাৰা (২১-১-৭২ তাংৰ পৰা) “অসম” ৰ বাবে প্ৰতিষ্ঠাপিত। ৩। সংবিধান (উনপঞ্চাশত্তম সংশোধন) অধিনিয়ম, ১৯৮৪ ৰ ধাৰা ৪ ব দ্বাৰা (১-৪-১৯৮৫ ৰ পৰা) “আৰু মেঘালয়ৰ বাবে প্ৰতিষ্ঠাপিত। ৪। সংবিধান (উনপঞ্চাশত্তম সংশোধন) অধিনিয়ম ১৯৮৪ ৰ ধৰাি ৪ ৰ দ্বাৰা (১-৪-১৯৮৫ ৰ পৰা) “ভাগ ১ আৰু ২ ৰ বাবে প্ৰতিষ্ঠাপিত। ৫। উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ ৰ ৮১) ৰ ধাৰা ৭১(ঝ) আৰু অষ্টম অনুসূচীৰ দ্বাৰা (২১-১-৭২ তাংৰ পৰা) “ভাগ ক”ৰ বাবে প্ৰতিষ্ঠাপিত। ৬। অসম পুনৰ্গঠন (মেঘালয় অধিনিয়ম, ১৯৬৯ (১৯৬৯ ৰ ৫৫) ৰ ধাৰা ৭৪ আৰু চতুৰ্থ অনুসূচীৰ দ্বাৰা (২-৪-১৯৭০ ৰ পৰা) অন্তঃস্থাপিত। ৭| উত্তৰ-পূব অঞ্চল (পুনৰ্গঠন) অধিনিয়ম, ১৯৭১ (১৯৭১ ৰ ৮১) ৰ ধাৰা ৭১(ঝ) আৰু অষ্টম অনুসূচীৰ দ্বাৰা (২১-২-১৯৭২ ৰ পৰা) অন্তঃস্থাপিত।