পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই
  • ১২৮

ভাৰতৰ সংবিধান চতুৰ্দশ ভাগ -সংঘ আৰু ৰাজ্যসমূহৰ অধীনস্থ সেৱাসমূহ -অনুচ্ছেদ-৩১২-৩১২ক (২) এই সংবিধানৰ প্ৰাৰম্ভণিৰ সময়ত ভাৰতীয় প্ৰশাসনিক সেৱা আৰু ভাৰতীয় আৰক্ষী সেৱা নামেৰে জ্ঞাত সেৱাকো এই অনুচ্ছেদৰ অধীনত সংসদে সৃষ্টি কৰা সেৱা বুলি গণ্য কৰা হব। [ (৩) খণ্ড (১) ত নিৰ্দেশিত সৰ্ব্ব ভাৰতীয় ন্যায়িক সেৱাই অনুচ্ছেদ ২৩৬ ত পৰিভাষিত কৰা জিলা ন্যায়াধীশ পদতকৈ নিম্মস্তুৰৰ কোনো পদ অন্তভুক্ত নকৰিব। কোনো কোনো সেৱাৰ পদাধিকাৰী সকলৰ সেৱাৰ চৰ্ত্ত সমূহ পৰিবৰ্তন বা প্ৰতিসংহৰণ কৰিবলৈ সংসদৰ ক্ষমতা। (৪) উপৰোক্ত সৰ্ব্ব ভাৰতীয় ন্যায়িক সেৱা গঠনৰ বাবে উপবন্ধ কৰা বিধিত সেই বিধিৰ উপবন্ধ সমূহ প্ৰভাৱী কৰিবৰ আৱশ্যক হোৱা অনুযায়ী ষষ্ঠ ভাগৰ ষষ্ঠ-অধ্যায় সংশোধন কৰিবৰ বাবে উপবন্ধ থাকিব পাৰে আৰু অনুচ্ছেদ ৩৬৮ ৰ প্ৰয়োজনৰ বাবে তেনে কোনো বিধিক এই সংবিধান সংশোধন বুলি গণ্য কৰা নহব। ] ২( ৩১২ক।(১) সংসদে বিধিৰ দ্বাৰা— (ক) এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্ব্বে চেক্ৰেটাৰী অফ ষ্টেট বা চেক্ৰেটাৰী অফ্ ষ্টেটইন কাউন্সিলৰ দ্বাৰা ভাৰতত সম্ৰাটৰ কোনো অসামৰিক সেৱাত নিয়োজিত হৈ সংবিধান (অষ্টবিংশ সংশোধন) অধিনিয়ম, ১৯৭২ ৰ প্ৰাৰম্ভণিত বা তাৰ পিচত ভাৰত চৰকাৰ বা কোনো ৰাজ্য চৰকাৰৰ অধীনৰ কোনো সেৱাত বা পদত সেৱা কৰি থকা ব্যক্তি সকলৰ পাৰিশ্ৰমিক, ছুটী আৰু অৱসৰ বেতনৰ সম্বন্ধত সেৱাৰ চৰ্ত্ত সমূহ আৰু অনুশাসনমূলক বিষয় সমূহৰ সম্বন্ধত অধিকাৰ সমূহ ভুতলক্ষী বা ভৱিষ্যলক্ষী প্ৰভাৱেৰে পৰিৱৰ্তন বা প্ৰতিসংহৰণ কৰিব পাৰে; (খ) এই সংবিধানৰ প্ৰাৰম্ভণিৰ পূৰ্ব্বে চেক্ৰেটাৰী অষ্টেট বা চেক্ৰেটাৰী অষ্টেট ইন কাউন্সিলৰ দ্বাৰা ভাৰতত সম্ৰাটৰ কোনো অসামৰিক সেৱাত নিয়োজিত হৈ সংবিধান (অষ্টবিংশ সংশোধন) অধিনিয়ম, ১৯৭২ ৰ প্ৰাৰম্ভণিৰ পূৰ্ব্বে যিকোনো সময়ত অৱসৰ প্ৰাপ্ত অথবা অন্যথাই চাকৰিত নথকা ব্যক্তি সকলৰ অৱসৰ বেতনৰ সম্বন্ধত সেৱা চৰ্ত্ত সমূহ ভূতলক্ষী বা ভৱিষ্যলক্ষী প্ৰভাৱেৰে পৰিৱৰ্তন বা প্ৰতিসংহৰণ কৰিব পাৰে? পৰন্তু, উচ্চতম ন্যায়ালয়ৰ বা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বা আনন্যায়াধীশভাৰতৰ নিয়ন্ত্ৰক- মহালেখা পৰীক্ষক সংঘ বা কোনো ৰাজ্যৰ লাৈক সেৱা আয়োগৰ সভাপতি বা আন সদস্য বা মুখ্য নিৰ্বাচন আয়ুক্ত পদ ধাৰণ কৰি থকা বা ধাৰণ কৰি অহা এনে ব্যক্তি সকলৰ ক্ষেত্ৰত, তেনে ব্যক্তি চেক্ৰেটাৰী অফ ষ্টেট বা চেক্ৰেটাৰী অফ ষ্টেট ইন কাউন্সিলৰ দ্বাৰা ভাৰতত সম্ৰাটৰ অসামৰিক সেৱাত নিযুক্ত হোৱা কাৰণ বশতঃ তেওঁৰ প্ৰতি প্ৰযোজ্য হোৱা চৰ্ত্ত সমূহৰ ব্যতিৰেকে, তেওঁৰ সেৱা-চৰ্ত্ত সমূহ এনে পদত তেওঁৰ নিযুক্তিৰ পিচত তেওঁৰ প্ৰতিকূলে পৰিৱৰ্তন বা প্ৰতিসংহৰণ কৰিবলৈ সংসদক ক্ষমতা দিয়া বুলি উপখণ্ড (ক) বা উপখণ্ড (খ) ৰ কোনো কথাৰ অৰ্থ কৰা নহব। (২) সংসদৰ দ্বাৰা এই অনুচ্ছেদৰ অধীনত প্ৰণীত বিধিৰ দ্বাৰা কৰা উপবন্ধৰ বিস্তৃতি ব্যতিৰেকে, এই অনুচ্ছেদৰ কোনো কথাই, খণ্ড (১)ত উল্লিখিত ব্যক্তি সকলৰ সেৱাৰ চৰ্তসমূহ নিয়ন্ত্ৰণ কৰিবলৈ এই সংবিধানৰ আন যিকোনো উপবন্ধৰ অধীনত থকা কোনো বিধান মণ্ডলৰ বা আন প্ৰাধিকাৰীৰ ক্ষমতাত প্ৰভাৱ নেপেলাব। ১। সংবিধান (দ্বাচত্বাৰিংশ সংশোধন) অধিনিয়ম, ১৯৭৬ ৰ ধাৰা ৪৫ ৰ দ্বাৰা অন্তঃস্থাপিত (৩-১-৭৭ তাংৰ পৰা)। ২। সংবিধান (অষ্টবিংশ সংশোধন) অধিনিয়ম, ১৯৭২ ৰ ধাৰাৰ ৰ দ্বাৰা অন্তঃস্থাপিত (২৯-৮-৭২ তাংৰ পৰা)।