পৃষ্ঠা:ভাৰতৰ সংবিধান.pdf/১২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

ভাৰতৰ সংবিধান

নৱম-ভাগ-পঞ্চায়ত-অনুচ্ছেদ ২৪৩ঝ - ২৪৩৬ (গ) পঞ্চায়ত সমূহৰ সুস্থ বিত্তৰ স্বাৰ্থত ৰাজ্যপালৰ দ্বাৰা বিত্ত আয়োগক নিৰ্দেশিত কৰা আন কোনো বিষয়ৰ সম্পৰ্কত ৰাজ্যপালক চুপাৰিছ কৰিব। (২) ৰাজ্যৰ বিধান-মণ্ডলে বিধিৰ দ্বাৰা, আয়োগৰ বিৰচনাৰ, সেই অৰ্হতা সমূহৰ, যি আয়োগৰ সদস্য হিচাবে নিযুক্তিৰ বাবে প্ৰয়োজনীয় হব, আৰু কি ৰীতেৰে তেওঁলোকৰ বাছনি কৰা হব তাৰ উপবন্ধ কৰিব পাৰিব। (৩) আয়োগে নিজৰ প্ৰক্ৰিয়া অৱধাৰিত কৰিব আৰু নিজৰ কৃত্য সমূহৰ পালনত ইয়াৰ এনে ক্ষমতাৱলী থাৰ্কিব যাক ৰাজ্যৰ বিধান মণ্ডলে বিধিৰ দ্বাৰা তেওঁলোকক প্ৰদান কৰে। (৪) ৰাজ্যপালে এই অনুচ্ছেদৰ অধীনত আয়োগৰ দ্বাৰা কৃত প্ৰত্যেক চুপাৰিছ, ইয়াৰ ওপৰত গৃহীত কাৰ্য্য ব্যৱস্থাৰ স্পষ্টীকাৰক জ্ঞাপনসহ, ৰাজ্যৰ বিধান মণ্ডৰ সন্মুখত উপস্থাপিত কৰাব। ২৪৩। কোনো ৰাজ্য বিধান মণ্ডলে, বিধিৰ দ্বাৰা পঞ্চায়ত সমূহৰ দ্বাৰা এনে হিচাপ:পত্ৰ সমূহ পঞ্চায়ত সমূহৰ হিচাপ ৰখা আৰু এনে হিচাপ.পত্ৰ সমূহৰ পৰীক্ষা কৰাৰ বিষয়ত উপবন্ধ কৰিব পাৰিব। পৰীক্ষা। ২৪৩ট।(১) পঞ্চায়ত সমূহৰ বাবে অনুষ্ঠিত সকলো নিৰ্বাচনৰ কাৰণে নিৰ্বাচক নামাৱলী প্ৰস্তুত পঞ্চায়ত সমূহৰ কৰাব আৰু সেই সকলো নিৰ্বাচনৰ সঞ্চালন, অধীক্ষণ, নিৰ্দেৰ্শন আৰু নিয়ন্ত্ৰণ ৰাজ্যপালৰ দ্বাৰা নিৰ্বাচন। নিয়োজিত কোনো এজন ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰে গঠিত এক ৰাজ্যিক নিৰ্বাচন আয়োগত নিহিত থাকিব। .: (২) কোনো ৰাজ্যৰ বিধান মণ্ডলৰ দ্বাৰা প্ৰণীত কোনো বিধিৰ উপবন্ধ সমুহৰ সাপেক্ষে, ৰাজ্যিক নিৰ্বাচন,আয়ুক্তৰ সেৱাৰ চত্তাৱলী আৰু পদাৱধি এনে হব যাক ৰাজ্যপালে নিয়মৰ দ্বাৰা অৱধাৰিত কৰে। পৰ ৰাজ্যিক নিৰ্বাচন আয়ুক্তক তেওঁৰ পদৰ পৰা সেই ৰীতিৰে আৰু সেই কাৰণ সমূহৰ ওপৰতহে অপসাৰিত কৰিব পাৰিব, যি ৰীতিৰে আৰু যি কাৰণ সমূহৰ ওপৰত উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক অপসাৰিত কৰা হয়, অন্যথা নহয়, আৰু ৰাজ্যিক নিৰ্বাচন আয়ুক্তৰ সেৱাৰ চৰ্তাৱলীত তেওঁৰ নিযুক্তিৰ পিচত তেওঁৰ বাবে অলাভজনক পৰিৱৰ্তন কৰা নহব। (৩)যেতিয়া ৰাজ্যিক নিৰ্বাচন আয়োগৰ দ্বাৰা এনে অনুৰোধ কৰা হয় তেতিয়া কোনো ৰাজ্বৰ ৰাজ্যপালে ৰাজ্যৰ নিৰ্বাচন আয়োগক ইমান সংখ্যক কৰ্মচাৰী বৃন্দৰ ব্যৱস্থা কৰাব, যিমান খণ্ড (১) দ্বাৰা ৰাজ্যিক নিৰ্বাচন আয়োগক প্ৰদত্ত কৃত্য সমূহৰ নিবহনৰ বাবে আৱশ্যক হয়। (৪) এই সংবিধানৰ উপবন্ধ সমূহৰ সাপেক্ষে, কোনো ৰাজ্যৰ বিধান মণ্ডলে, বিধিৰ দ্বাৰা পঞ্চায়ত সমূহৰ নিৰ্বাচনৰ সম্পৰ্কত বা সংক্ৰান্তত সকলো বিষয়ৰ সম্বন্ধত উপবন্ধ কৰিব পাৰিব। . ২৪৩ ঠ। এই ভাগৰ উপৱন্ধ সমূহ সংঘ ৰাজ্যক্ষেত্ৰ সমূহত প্ৰয়োগ হব আৰু কোনো সংঘ সংঘ ৰাজক্ষেত্ৰ সমূহ : ৰাজ্যক্ষেত্ৰত ইয়াৰ প্ৰয়োগ এনে ধৰণে প্ৰভাবী হব যেনিবা কোনো ৰাজ্যৰ ৰাজ্যপালৰ প্ৰতি নিৰ্দেশ প্ৰয়োগ। আৰু অনুচ্ছেদ ২৩৯ ৰ অধীনত নিযুক্ত সংঘ ৰাজ্যক্ষেত্ৰৰ প্ৰশাসকৰ প্ৰতিহে নিৰ্দেশ আৰু কোনো এনেসংঘ ৰাজ্যক্ষেত্ৰৰ সম্পৰ্কত, য'ত বিধান সভা আছে, সেই বিধান সভাৰ প্ৰতিহে নিৰ্দেশ? পৰন্তু ৰাষ্ট্ৰপতিয়ে লোক অধিসূচনাৰ দ্বাৰা এই নিৰ্দেশ দিব পাৰিব যে এই ভাগৰ উপবন্ধ সমূহ কোনো সংঘ ৰাজ্য ক্ষেত্ৰত বা ইয়াৰ কোনো অংশত এনে ব্যতিক্ৰম বা ৰূপভেদ সাপেক্ষে প্ৰয়োগ হব যাক তেওঁ এই অধিসূচনাত বিৰ্নিৰ্দিষ্ট কৰে। ২৪৩ ড।(১) এই ভাগৰ কোনো কথা অনুচ্ছেদ ২৪৪ৰ খণ্ড (১) ত নিৰ্দেশিত অনুসূচিত ক্ষেত্ৰ এই ভাগ কিছুমান সমূহত আৰু ইয়াৰ খণ্ড (২)ত নিৰ্দেশিত জনজাতি ক্ষেত্ৰ সমূহত প্ৰয়োগ নহব। ক্ষেত্ৰত প্ৰয়োগ নহব। (২) এই ভাগৰ কোনো কথাই নিম্মোক্তবোৰত প্ৰয়োগ নহব, অৰ্থাৎ (ক) নগালেণ্ড, মেঘালয় আৰু মিজোৰাম ৰাজ্যত; (খ) মণিপুৰ ৰাজ্যৰ এনে পাৰ্বত্য ক্ষেত্ৰ সমূহত যাৰ বাবে তৎসময় বলবৎ থকা কোনো বিধিৰ অধীনত জিলা পৰিষদ বিদ্যমান।