পৃষ্ঠা:ভাষণ.djvu/১১১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

[১০৫]

মানৱত্বৰ সম্পূৰ্ণ স্বত্বা প্ৰকাশ এয়ে শিক্ষাৰ উদেশ্য।

 Teacher’s world নামেৰে এখন সপ্তাহিক ইংৰাজী কাকতৰ এটি সংখ্যাত “What is an Educated man” [এগৰাকী শিক্ষিত পুৰুষ কি] এই প্ৰশ্নটোৰ উত্তৰ কিছুমান ডাঙৰ লোকৰ পৰা আনি প্ৰকাশ কৰিছিল। তাৰে Viscountess Snowden (ভাইকাউণ্টেচ স্নোডেন) মহোদয়াই দিয়া উত্তৰ এই:—

 “I would define an educated man as one who has acehieved Sele knowldge, Self feverrence and Self control, and is filled with good will to all men and kindness to animals.” [যি জনৰ আত্মসম্মান, আত্মজ্ঞান আৰু সংযম শক্তি আছে তেওঁকেই মই শিক্ষিত বুলিম। তেওঁ সকলো মানুহৰ প্ৰতি সদক্তাৱাপন্ন আৰু জগতৰ সকলো জন্তুৰে প্ৰতি দয়াশীল।] ওপৰত কোৱা বিষ্ণু পুৰাণৰ শ্লোকটোৰ লগত ৰিজাই চালে মই দেখিব পাওঁ— দেশ কাল জাতি শিক্ষা কৃষ্টিৰ ইমান বিভেদ থকা স্বত্বেও দুয়োটা উক্তিতে ঠিক একে কথাকে শিক্ষাৰ উদেশ্য বুলি কৈছে।

 দেখাত অবান্তৰ, ইমান খিনি কথাৰ জোলোঙা মেলাৰ অৰ্থ হল এই যে অৰ্থসংগ্ৰহৰ সামৰ্থ্যৰ পৰিমান বঢ়োৱা শিক্ষাৰ প্ৰকৃত উদেশ্য বুলি কোনো মনিষী নকয়; বা বৰ্ত্তমান দিনৰ মানুহৰ সংখ্যা, দেশৰ নাম, ৰাজধানীৰ কথা বা ৰাজা বা