পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৫৪

ৱিকিউৎসৰ পৰা
Jump to navigation Jump to search
এই পৃষ্ঠাটোৰ বৈধকৰণ কৰা হৈছে


দ্বাদশ আধ্যা

সখী-সহায়


তৰা আইদেউৰ সৈতে মোৰ সখীয়াৰ সম্বন্ধ৷ কিন্তু, আনৰ নিচিনাকৈ সখীৰ আগত নিজৰ প্ৰেম আৰু প্ৰণয়ৰ আলচ পাতি সহায় বিচৰা মোৰ অভ্যাস নাছিল৷ মই সখীৰ আগত কেতিয়াও ভুলতো মোৰ গুপুত পৱিত্ৰ প্ৰণয়ৰ কথা উলিৱা নাছিলোঁ৷ গোহাঞিদেৱ সম্পৰ্কে আগেয়ে মই সখীৰ আগত একো কোৱা নাছিলোঁ৷ এই সংসাৰৰ আনবিলাক মানুহৰ ওচৰত যেনেকৈ আমাৰ পৱিত্ৰ প্ৰণয় গোপনীয় আছিল, সখিৰ ওচৰতো তেনে আছিল৷ মোৰ উন্মাদিনী অৱস্থাত মই নিজে প্ৰকাশ নকৰালৈকে আমাৰ পৱিত্ৰ প্ৰেমৰ বিষয়ে কেৱে বুজ নাপাইছিল৷ তৰা আইদেউ সখীয়েও সেই দিনাপৰাহে ইয়াৰ সম্ভেদ পোৱা হ’ল৷ কিন্তু, কিয় কব নোৱাৰোঁ, সেইদিন ধৰি মোলৈ তেওঁৰ আদৰ-সাদৰ আৰু মৰম-বেথা বাঢ়িহে আহিল৷ তেতিয়াৰপৰা মোৰে সৈতে তেওঁৰ সম্বন্ধ বেচি ওচৰ চপা যেন পালোঁ৷ আগেয়েও তৰা আইদেউৰ লগত মোৰ সখীৰ সম্বন্ধ ঢিলা নহয়৷ আগেয়ে তেওঁ মাহেকে-পষেকে একোবাৰ আমাৰ ঘৰলৈ আহিছিল৷ মই আকৌ তেওঁৰ ওচৰলৈ যোৱাটো তাতকৈও পাতল৷ কিন্তু, মোৰ উন্মাদিনী অৱস্থাৰ পাচৰপৰা তেওঁ নিতৌ আমাৰ ঘৰলৈ অহা হ’ল৷ দিনটোৰ ভিতৰত যেনে হলেও এবাৰ মোক লগ পাই যায়হি৷ আৰু, যেতিয়াই আহে, গোহাঞিদেৱৰ বিষয়ে দুটামান কথা নোসোধাকৈ বা নোকোৱাকৈ নাযায়৷