পৃষ্ঠা:ভানুমতী (Bhanumoti).pdf/৫৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে

আগডোখৰত ভাবিছিলোঁ যে, তৰা আইদেউ এতিয়াও গোহাঞিদেৱৰ লগত বিয়া হোৱাৰ আশাতে আছে; তেওঁ এতিয়াও গোহাঞিদেৱৰ আশাতে দিন নিয়াইছে৷ মোৰ আঁচলৰ নিধি, হৃদয়ৰ মাণিক চুৰ কৰিবলৈ তেওঁ ছেগ চাই ফুৰিছে; সেই কাৰণেই, তেওঁ মোৰপৰা গোহাঞিদেৱৰ বিষয়ে কথা টুকি নিবলৈ আহে৷ আৰু, যাতে তেওঁৰ সেই চক্ৰান্তৰ গুটি ধৰে তাৰ চেষ্টাত তেওঁ সেইভাৱে আহে-যায়৷ জানোবা গোহাঞিদেৱৰ প্ৰতি মোৰ ভক্তি আৰু মোৰ প্ৰতি তেওঁৰ আসক্তি কমাব পাৰে, তেওঁ তাৰে ছিদ্ৰ বিচাৰি ফুৰেহি৷ কিন্তু, পাচলৈ দেখিলোঁ, সি নহয়৷ মই তেওঁৰ চৰিত্ৰ আৰু চলনত যি সন্দেহ কৰিছিলোঁ সি মিছা৷ তেওঁ তাৰপৰা বহু ওপৰত; তেওঁৰ মন আৰু হিয়াৰ ভাব সাধাৰণে ঢুকি নোপোৱাত৷ মোৰ ক্ষুদ্ৰ মতিয়ে তেওঁৰ মন আৰু ভাব ঢুকি নাপাইছিল৷ তৰা আইদেউৰ যত্নৰ ফল নিজলৈ নহয়, পৰলৈহে৷ গোহাঞিদেৱৰ লগত তেওঁৰ বিয়া পতাবলৈ তেওঁৰ চেষ্টা নহয়, মোৰে সৈতে সেই কাৰ্য্য কেনেকৈ সমাধা হব পাৰে তাৰ নিমিত্তেহে তেওঁ এইদৰে ঘূৰে৷ ভালেমান দিন এই কথাত তেওঁৰ মই প্ৰমাণ বুজিলোঁ৷ মোৰ যিমানখিনি বিশ্বাস, তেওঁৰ অন্তৰত কুচূৰ্ট-কপট নাই৷ তেওঁ এগৰাকী নিঃস্বাৰ্থ প্ৰেমিকা৷ যাৰে তাৰে পৱিত্ৰ প্ৰণয় ৰক্ষা কৰিবলৈ তেওঁ অকাতৰে স্বাৰ্থ বলি দিব পাৰে৷ গোহাঞিদেৱৰ প্ৰতি তেওঁৰ যি ভাব, তাকো গম পাওঁ; কিন্তু সি যে মোৰ এফেৰিও অপকাৰ নকৰে তাকো জানো৷

গোহাঞিদেৱক বন্দীশাললৈ নিয়াৰপৰা মোৰ দৰেই তৰা আইদেৱেও বিয়াকুল হৈ ফুৰিছে৷ কি উপায়ে গোহাঞিদেৱক এই বিপদৰপৰা উদ্ধাৰ কৰিব পাৰি, তাৰ নিমিত্তে তেওঁ মহা চিন্তাত৷ মোৰ ওচৰলৈ দিনে দহবাৰকৈ আহি তাৰ আলচ পাতেহি৷ এইদৰেই এপষ পাৰ হৈ গ’ল৷ কিন্তু, গোহাঞিদেৱৰ মুক্তিৰ অৰ্থে একো উপায় কৰিব নোৱাৰিলোঁহক৷ দিনৌ আলচোঁ, দিনৌ নিৰুপায় হৈ দুয়ো