এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
ভাগ্যপৰীক্ষা
| মাণিক— | পাচে, আমাৰ লাভ কি? |
| মাল— | ৰজাই যি বঁটা দিয়ে, আৰু হীৰাখন গঢ় লগাই পাগুৰিত লগোৱা বাবে যি পোৱা হয়, সেয়ে আমাৰ বহুত। আমাক নো আৰু কি লাগিছে? ঈশ্বৰে সকলো দিছে। ইয়াৰ যি দাম পোৱা হয়, তাৰ তামাক ভাগ নেলাগে; দুখীয়াৰ উপকাৰ হওক দেহি। |
| মাণিক- | তুমি বাস্তবিকতে গৃহলক্ষ্মী৷মোৰ যে অত অৰ্থ সম্পত্তি হৈছে, তোমাৰ এই অমুল্য চৰিত্ৰই সেই সকলোৰে মুল। তোমাৰ যেন এনে আশয় ঈশ্বৰে সদায় ৰাখে। |
| মাল— | সকলোবিলাক আপোনাৰ কপালেৰে হৈছে। আৰু মোৰ স্বভাৱ ভাল হলেও, আপুনিয়েই ভাল কৰিছে, বেয়া হলেও আপুনিয়েই বেয়া কৰিছে; যেনেকৈ গঢ়ি লৈছে, তেনে হৈছে। |
| মাণিক— | সেইটো হ’লেও, সকলো ধাতু সমান নহয়। সোণ ৰূপক যিমান সহজে মনৰ জোখাৰে গঢ় লগাব পাৰি, লো বা তীক নোৱাৰি। |
| মাল- | পাচে, এতিয়া হীৰাৰ কি কৰিব, কওক। |
| মাণিক -- | ইয়াৰ যি দাম পোৱা হয়, মই তাৰ এটা পইচাও চান্ নেকাঢ়ো৷ তুমি ক’বা, যদি বেচে, তেন্তে পানীৰামো ওলাওক; দুয়ো ৰজাৰ ওচৰলৈ গৈ, যিমান পাৰোঁ সৰহ দামত, মই হীৰাখন বেচাই দিম। মই আৰু দোকানলৈ যাওঁ, বেলিহে হ’ল। |
| মাল— | (হীৰা লৈ ) বাৰু তেনে, মই এতিয়াই সিহঁতক বাতৰিটো দিওঁ। |
(দুইৰো প্ৰস্থান )
——————