এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ. ৪— দৃ. ২
৬১
ভাগ্যপৰীক্ষা
২য় দৃশ্য—পানীৰামৰ ঘৰ।
(পানীৰাম)
| পানী— | (মনতে) ঈশ্বৰৰ অনুগ্ৰহ কাৰবাৰ ডাঙৰ হৈ পৰিল। চাৰিও ফালৰ দূৰ দূৰ ঠাইৰ পৰা ফৰ্মাচ্” আহিবলৈ ধৰিলে; দিনে আঢ়ৈ কৰি তিনি কুৰি মানুহে বাটিও ফই যোগাব নোৱাৰা হল- গৈ; মহাদিয়েক ধনো গোট খালে। সেই দেখি সাতে পাঁচে ভাতীৰপৰা সেই ফই বটা কলটো আনিলো। পোনতে কিন্তু বৰ ভয় লাগিছিল। বোলোঁ ইমান দুখেৰে অৰ্জা ৰূপ কেইটকা ভাঙ্গিবলৈ ধৰিছোঁ, গ'লে তেনেই যাব। তেও মৰ সাহ দি, আগ বাঢ়িলোঁ। আৰু এতিয়া পাচে দেখিছোঁ, ঈশ্বৰে যি কৰালে, ভালকে কৰালে। কলটো আনিবৰে পৰা, সকলো কাম সুন্দৰকৈ চলিছে; কাৰবাৰে ভালেখিনি বহল হ’ল; আৰু লাভো আগতকৈ তিনি গুণ বাঢ়িল। |
(উধাতু খাই মাণিকীৰ প্ৰবেশ)
| মণি— | এই পিনে আহাঁচোন! এই পিনে আহাঁ। |
| পানী— | হেৰ, কি হ'ল, কি হ'ল? |
| মাণি— | হে আহাঁচোন! আহাঁ! আহাঁ। |
| পানী— | হেৰ কি হৈছে কচোন? মোৰ থৰক্-বৰক্ লাগিছে! |
| মাণি — | বৰ কথা হৈছে , বৰ ডাঙৰ কথা; মোৰ মূৰ ঘূৰি গৈছে; তুমি বেগাই আহাঁ। |