এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
অ. ২— দৃ. ৪
৩৯
ভাগ্যপৰীক্ষা
| মাণি— | এৰা, কপাল ভাল হলে নো এনে হয় নে? |
| পানী — | উস, কটা দুবাৰকৈ এখৰাহি এখৰাহি ধন পাওঁ! দুইবাৰ নো এনে হ’ব পায় নে? এনে খন কপাল লৈ জীয়াই থকাৰ সকাম কি? (ডিঙিত কলহ বান্ধি মৰি গলে একা? |
| মাণি — | ইস্! এনে কথা ক'ব নেপায়। গ'ল গ'ল ধন; তুমি ভালে কুশলে থাকাঁ আমাক নো ধন কেলেই? আমি আগৰো দুখীয়া, এতিয়াও দুখীয়া। দুখীয়া হ'লে মানুহ নহয় নে কি? আহাঁ আহাঁ গধূলি হ’ল, চোতালখনৰপৰা ভিতৰলৈ আহাঁ? |
(হাতত ধৰি লৈ যায় )
৪ৰ্থ দৃশ্য–পূৰ্ণিমাৰ পোহৰত হিমালয়ৰ ওচৰৰ কানন।
( নিজ বেশেৰে ধন কন্যা আৰু ভাগ্য কন্যা)
(নৃত্য গীত)
| দুয়ো — | সুন্দৰ প্ৰকৃতি সুন্দৰ অতি, সুন্দৰ সুন্দৰ সুন্দৰ আজি। হৃদয় তন্ত্ৰী সুন্দৰ নাচে, সুন্দৰ সুৰেৰে সুন্দৰ ৰাজি। |