| পানী—
|
কিনো কম, কিনো শুনিবি? আমাৰ বাছক-বনীয়া কপালেৰে সাধূ কথাৰ দৰে অপুদ্ঘাত্ কথাই পালে। মাছকিচকল হাতত লৈ বাটে বাটে আহি আছে, কৰবাৰপৰা চিলনীজনী আহি হাততে থাপ মাৰি পঠিয়ালে। ভাবিলোঁ বোলোঁ হাতত নিলে, এবাৰ নহয় এবাৰ, ছেগ চাই, তই আকৌ থাপ মাৰি লৈ যাব। সেই গুণে মাছখিনি বুটলি লৈ, তোৰ চেলেংখনৰ ইটো আগত বান্ধি পেলাই পাগুৰিটোৰ ভিতৰলৈ সুমাই ল'লোঁ। পাচে আহি আছোঁ, আহি আছোঁ, কোনোবা টলকত, কেনি নো ওলালহি ততকে ধৰিব নোৱাৰিলোঁ, একে থাপেই, নখৰ আগত পাগুৰি-গছ লৈ উড়া মাৰি হেৰ জেতুকী মাক ঐ, জানিবা গুলিটোহে গ'ল! চকুৱে দেখোঁ মানে পচে পাচে খেদিলোঁ; পাঁচে কি হ’ব? চাই থাকোঁতেই নেদেখা হ'লগৈ।
|