অ, ১—দৃ. ২ ]
১৩
ভাগ্যপৰীক্ষা
( ধন-কন্যা আৰু ভাগ্য-কন্যাৰ প্ৰস্থান; পানীৰামে ভেবা লাগি চাই থাকে; মাণিকীৰ বেগেৰে প্ৰবেশ।)
| পানী—
|
হেৰ জেতুকী মাক দেখিলি নে?
|
| মাণি—
|
ওঁ, দেখিলোঁ। তো; মই বেৰ জুমি চাই আছিলোঁ নহয়।
|
| মাণি—
|
দিঠক, দিঠক; কিয় সপোন হ’ব?
|
| পানী—
|
নহয়, হেৰ জেতুকী-মাক, ই সপোনহে; আৰু সপোনে; সপোন, বৰ জবৰ সপোন।
|
| মণি—
|
নহয়, জেতুকী-বাপেক, দিঠক, দিঠক, তেনেই দিঠক।
|
| পানী—
|
চাওঁ বাৰু তোৰ হাতটো দেচোন। (মাণিকীৰ হাতত চিকোট্ মাৰি) দুখ পাইছ নে?
|
| মাণি—
|
উস্! উস্! উস্! এৰি দিয়াঁ, এৰি দিয়াঁ; গোটেই বকটা ছিগি যাব এতিয়া।
|
| পানী—
|
এঃ! তোৰ ছিগি যোৱাটোহে টান হৈছে! চাওঁ মোৰ হাতত টানকৈ চিকোট্ এটা মাৰচোন। (মাণিকীয়ে চিকোট্ মাৰে) হৈছে, হৈছে, থাওক। হওঁতে, দিঠক যেনেই লাগিছে। বাৰু, ৰূপগাল চাওঁহকচোন। (দুয়ো ৰূপ চায়) হেৰ, এই গাল নো ৰূপ নহয় নে?
|
| মাণি—
|
কিয় নহব? গালেই ‘নগজ্” গোটা গোটা চিকা ৰূপ।
|
| পানী—
|
এ হে! মোৰ হৰিৰ বন! দুখীয়াৰ দুখ দেখিব নোৱাৰি, ঘৰতে মোনা ভৰাই ধন দি গ'লহি!
|