পৃষ্ঠা:ভাগ্য পৰীক্ষা.pdf/২১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

অ, ১, ২ ] ভাগ্যপৰক্ষা ( ধন-কন্যা আৰু ভাগ্য-কন্যাৰ প্ৰস্থান; পানীৰামে ভেব লাগি চাই থাকে; মাণিকীৰ বেগেৰে প্ৰবেশ। } নী—হেব জেতুকী মাক দেখিলি নে? মাণি—ওঁ, দেখিলোঁ। তো; মই বেৰ জুমি চাই আছিলোঁ নহয়। পানী- হেৰ সপোন নে দিঠক? মাণি- দিঠক, দিঠক; কিয় সপোন হ’ব? পানী-নহয়, হেৰ জেতুকী-মাক, ই সপোনহে; আৰু সপোনে; সপোন, বৰ জবৰ সপোন। মণি-নহয়, জেতুকী-বাপেক, দিঠক, দিঠক, তেনেই দিঠক। পানী—চাওঁ বাৰু তোৰ হাতটো দেচোন। (মাণিকীৰ হাতত চিকো মাৰি দুখ পাইছ নে? মাণি—উস, উস, 1 উস,! এৰি দিয়, এৰি দিয়; গোটেই বকটা ছিগি যাব এতিয়া। পানী—এ! তোৰ ছিগি যোৱাটোহে টান হৈছে! চাওঁ মোৰ হাতত টানকৈ চিকোট এটা মাৰচোন। (মাণিকীয়ে চিকোট মাৰে) হৈছে, হৈছে, থাওক। হওঁতে, দিঠক যেনেই লাগিছে। বাৰু, ৰূপগাল চাওঁহকচোন। (দুয়ো ৰূপ চায়। হেৰ, এই গাল নো ৰূপ নহয় নে? মাণি—কিয় নহব? গালেই ‘নগজ” গোটা গোটা চিকা ৰূপ। পানী--এ হে! মোৰ হৰিৰ বন! দুখীয়াৰ দুখ দেখিব নোৱাৰি, ঘৰতে মোনা ভৰাই ধন দি গ'লহি।