৶৹
গৌতমক দেখা দিলে, তেতিয়া গৌতমে এই বৰ প্ৰাৰ্থণা কৰিলে যে তেওঁৰ বংশৰ কলঙ্ক মোচন কৰিবৰ নিমিত্তে ঈশ্বৰে স্বয়ং যেন তেওঁৰ বংশত জন্ম গ্ৰহণ কৰে। ঈশ্বৰে তথাস্তু বুলি অন্তৰ্দ্ধান হল।
যদুবংশ ধ্বংশ হোৱাৰ পাচত যেতিয়া শ্ৰীকৃষ্ণ বৈকুণ্ঠলৈ গল, তেতিয়া দৈৱকী আৰু বসুদেৱে দাৰুণ শোকত অভিভূত হৈ প্ৰাণ ত্যাগ কৰিলে। তেওঁলোকে কৃষ্ণক সদায় সামান্য পুত্ৰ ভাব কৰাত, আৰু কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণতো কেৱল পুত্ৰ শোকত অভিভূত হৈ প্ৰাণ ত্যাগ কৰাত, তেওঁলোকৰ মুক্তি নহল। সেই কাৰণে তেওঁলোক দুজনেও আকৌ জন্ম গ্ৰহণ কৰিলেহি।
এদিন সকলো দেৱতা আৰু দেবৰ্ষি বিলাক গোট খাই স্বৰ্গত সমাজপাতি বহি কলিত পৃথিবীৰ মানুহৰ মুক্তি কেনেকৈ হব এই বিষয়ে আলোচনা কৰিছিল। সদাশিৱে এই বিষয়ে বিষ্ণুক প্ৰশ্ন কৰাত, বিষ্ণুয়ে এই দৰে উত্তৰ দিলে:-
তুমি জগতৰ গুৰু, ভকতৰ কল্প তৰু,
শুনিয়োক মোহৰ বচন।
লোক চিন্তিয়া হিত, নিস্তাৰিয়ে ত্ৰিজগত,
পৃথিবীত হুয়ো উপসন॥
প্ৰকাশিবা ধৰ্ম্মচয়, তজু সঙ্গে সমস্তয়,
হৈব মহা বৈষ্ণৱ পৰম।
তজু নাম গুণ যত, ঘুষিবেক ত্ৰিজগত
শঙ্কৰ হৈবেক তজু নাম॥”
আৰু কলে যে, মই স্বয়ং গৌতম বংশত জন্মগ্ৰহণ কৰিম গৈ আৰু তুমি জ্ঞানেৰে মোক চিনিব পাৰি মোৰ নাম দামোদৰ থবা। অনন্ত