৶৹
এই গ্ৰন্থ খনি কি উপাদেৰ বস্তু। গ্ৰন্থকাৰে পুথিৰ সামৰণিত এই দৰে লিখিছে-
“হেন জানি সৰ্ব্বজন, কৃষ্ণ কথা দিয়া মন
হৰিনামে কৰিয়োক ৰতি।
ভনে কবিচন্দ্ৰ বৰ, শুনা সবে নিৰন্তৰ,
এহি মানে গ্ৰন্থ সমাপিত॥
আজি লৈকে যিমানবোৰ চৰিত্ৰ পুথি ওলাইছে ৺কবিচন্দ্ৰৰ নিচিনা ওখ খাপৰ কবিয়ে লিখা এখনি পুথিও ওলোৱা নাই; সেই গুণে আমি আশা কৰিছোঁ যে, অসমীয়া মানুহে এই পুথি খনিক উচিত আদৰ কৰিব। এই পুথিৰ লিখক ৺কবিচন্দ্ৰ ভাৰতী যে, শ্ৰীশ্ৰী—দামোদৰ দেৱৰ এজন প্ৰধান শিষ্য আছিল তাক এই গ্ৰন্থৰ মুখ বন্ধৰ পৰাই ভাল কৈ বুজিব পাৰি। তেওঁ লিখিছে :-
“জয় জয় দামোদৰ অগতিৰ গতি।”
নমো নাৰায়ণ, বিঘিনি খণ্ডন, অনাদি অনন্ত হৰি।
কলিৰ লোকক, নিস্তাব কবিলা দামোদৰ ৰূপ ধৰি।।
“অপাৰ সংসাৰ, তৰণ কাৰণে, লোক চিন্তিয়া হিত।
যেন পূৰ্ব্বদিশে, অন্ধকাৰ নাশি, প্ৰসন্ন সূৰ্য্য উদিত॥
এই পুথিত শ্ৰীশ্ৰীদামোদৰ দেৱৰ জন্ম সম্বন্ধে এই দৰে লিখিছে :-
গৌতম ঋষিয়ে অহল্যা আৰু ইন্দ্ৰক শাপ দি ভাবিলে যে, তেওঁৰ
বংশৰ পৰা এই কলঙ্ক কেনেকৈ খলন হব। এই ভাবি তেওঁ হিমালয়
পৰ্ব্বতৰ ওচৰত, গঙ্গাৰ দাঁতিত গৈ কঠোৰ তপস্যা কৰি ঈশ্বৰক আৰাধনা কৰিবলৈ ধৰিলে। ঈশ্বৰ তেওঁৰ আৰাধনাত সন্তুষ্ট হৈ যেতিয়া