এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
পৌণ্ডৰ্কৰ উপাখ্যান ৷
হেন শুনি সাৰথি যোগাইলা ৰথখান।
তাতে চৰি পৌণ্ডৰ্কে ধৰিলা ধনুৰ্ব্বান॥
তাত অনন্তৰে সুদৰ্শন নৰপতি।
বীৰ কাছে কাছি ৰথে চলে মহামতি॥
নগৰৰ বাজ ভৈলা যুঝিবাক মনে।
পাছত চলিলা চতুৰঙ্গ সেনাগণে॥
হস্তীগণ চলে যেন সচল পৰ্ব্বত।
তীখাল অঙ্কুশ ধৰি পিঠিত মাহুত॥
বীৰগণ সদৰ্পে ৰথত যাই চলি।
সাৰথি চলান্ত ৰথ চাবুকক তুলি॥
বাম হাতে ধৰি আজুৰন্ত বাঘজৰি।
তথাপি নৰহে ঘোড়া যেন যাই উৰি॥
হেন ৰথগণ চলি যাই লক্ষ লক্ষ।
ঘোটক, গৰ্দ্দভ, উট কোনে কৰে লেখ॥
বাৱে বাদ্য ভণ্ড কটকৰ মাঝে চানি!
সৈন্যৰ মহলা ভৈলা তেইশ অক্ষৌহিনী
এহি মতে চলন্ত পৌণ্ডৰ্ক, কাশী ৰাজ।
মহা উতপাত ভৈলা কটকৰ মাঝ॥
বাম উৰু লোচন কান্দয় নৃপতিৰ।
জুণ্টিখাই ঘোড়া চাৰি পৰিল ৰথৰ॥