এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬২
সন্ত চৰিত্ৰ৷
শুনিয়োক যদুগণ যাইব কাশী ৰাজ্য।
নিশান তুলিয়া সবে বীৰগণ সাজ॥
হেন অজ্ঞা শুনি যদুগণ পটয়াৰ।
শৰ ধনু ধৰি বাজ ভৈলা চমৎকাৰ॥
কত ৰথে চৰে কত চৰে হস্তীস্কন্ধে।
দেউ দম্ফ কৰিকত চলে মাল বান্ধে॥
পাছে দিব্য ৰথ সাজি পৰম উৎসুকে।
মোহৰ আগত ৰথ যোগাইলা দাৰুকে॥
সেহি ৰথে চৰি বাজ ভৈলো মহাৰঙ্গে।
দাদা বলভদ্ৰে সাজি গৈলা মোৰ সঙ্গে
বাৱে শিঙ্গা শঙ্খ ভেৰি আনন্দ প্ৰজাৰ
কত বেলি পাইলা কাশী নৃপতিৰ দ্বাৰ॥
নগৰ বাহিৰে প্ৰজা ৰৈল চমৎকাৰে
পাঞ্চজন্য শঙ্খক ফঙ্কিলোঁ উচ্চৈস্বৰে॥
ঘোৰ শঙ্খধ্বনি গগনক ভেদি গৈলা।
শুনি পৌণ্ডৰ্কৰ মনে মহা ভয় ভৈলা॥
সাৰথিক বোলে শীঘ্ৰ ৰথ সাজি আন।
অনুমানে জানো আইলা দৈৱকী নন্দন॥
মইসে ঈশ্বৰ বুলি কবি ফুৰে চল।
তাৰ আজি গৰ্ব্ব চুৰ দিব প্ৰতিফল॥