পৃষ্ঠা:ভবিষ্যত কথা.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬০
সন্ত চৰিত্ৰ৷

দেখা বনমালা গলে আজানুলম্বিত।
দেখা কেনে পাট পীতভুনি কঙ্কালত॥
যেন নাটকিৰ নানা ভাৱ ভঙ্গি দেখি
তাকে সত্য বুলি মনে চাহন্ত নিৰখি॥
মিত্ৰৰ সম্বন্ধে ৰাজা কৰম্ভ সৎকাৰ
সি দেশৰ লোকে তাঙ্ক কৰন্ত আদৰ॥
হেন মান্য পাই তাৰ গৰ্ব্ব বাঢ়ি গৈলা
শুনা পশুপতি পাছে যেন কথা ভৈলা॥
উগ্ৰসেন সমে মই আছিলো সভাত।
সেহি বেলা পৌণ্ডৰ্কে পাঞ্চিলা দুই দুত॥
ৰাম, কাম, অক্ৰুৰ, উদ্ধৱ শাম্ব, গদ,
সাত্যকিক আদি কৰি যত সভাসদ॥
উগ্ৰসেন ৰাজা সমে সবে আছো বসি।
সেহি বেলা দুই দুত প্ৰবেশিলা আসি॥
আমাক সম্বোধি কহে যোড় কৰি হাত।
অৱতাৰ ভৈলা আসি কাশী নগৰত।—
—নামত পৌণ্ডৰ্ক সৰ্ব্বগুণে অনুপাম।
অৱতাৰ ভৈলা আসি জগতৰ ধাম॥
তোমাক বুলিলা শুনা কৃষ্ণ মন্দ মতি
মিছাতেহে তোমাক বোলন্ত যদুপতি॥