পৃষ্ঠা:ভবিষ্যত কথা.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
 

পৌণ্ডৰ্কৰ উপাখ্যান

---০---

মাধৱ শঙ্কৰৰ জন্ম।

শঙ্কৰ বদতি হৰি কহিয়ো স্বৰূপ।
পৌণ্ডৰ্কে ধৰিলা কেন মতে তযু ৰূপ॥
কোনবা দেশত থাকে সিটো মন্দমতি।
কি কাৰণে তোমাক হিংসিলা দিনে ৰাতি॥
কহিয়োক ইটো কথা শুনে কৰ্ণভৰি।
শুনা বুলি কহিবাক আৰম্ভিলা হৰি॥
নাৰায়ণ বদতি শুনিয়ো ত্ৰিলোচন।
কাশী দেশে ৰাজা আছিলেক সুদৰ্শন॥
ৰাজাৰ পৰম মিত্ৰ পৌণ্ডৰ্ক কপট।
তাহাঙ্ক আশ্বাস ৰাজা কৰন্ত সতত॥
পৌণ্ডৰ্কে বোলন্ত শুনিয়োক সৰ্ব্বজন।
মইসে ঈশ্বৰ আসি ভৈলো উতপন॥
উদ্ধাৰ কৰিবো পৃথিবীৰ লোক যত।
হেন জানি লয়ো সবে শৰণ আমাত॥
দেখিয়ো আমাৰ কেনে ৰূপ চতুৰ্ভুজ।
সজল জলদ শ্যাম শৰীৰ নিৰুজ॥