পৃষ্ঠা:ভবিষ্যত কথা.djvu/১২৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৮
সন্ত চৰিত্ৰ্ৰ।
 

ছবি।

নমো নমো নাৰায়ণ তোমাৰ চৰণে হেৰা ,
 কায় বাক্যে পশিলোঁ শৰণ।
মই পতিতক দয়া কৰা দূৰ হৌক মায়া,
 তযু নাম পতিত পাবন॥
ভৈলো অন্ন বস্ত্ৰহীন, নাহি বুদ্ধি শুদ্ধ জ্ঞান,
 পূৰ্ব্ব জন্মে নভজি তুমাক।
নামাগোহোঁ আন ধন তুমাতে ৰহৌক মন;
 দাস বুলি ধৰিও আমাক॥
উপজিলো দ্বিজ হুই, কিছু শাস্ত্ৰ জ্ঞান নাই
 শুনা সভাসদ নিৰন্তৰ।
গুৰুৰ আদেশ পাই, বিচাৰি শাস্ত্ৰত চাই,
 ইটো সন্ত চৰিত্ৰ পয়াৰ॥
আক যেবে মিছা বোলা, যোৱা পণ্ডিতৰ মেলা
 ভবিষ্যত পুৰাণ বিচাৰি।
দেখিবাহা ইটো কথা নাহিকে আত অন্যথা
 তেবে মোক প্ৰশংসি বিস্তাৰি॥
শুনা সভাসদসয় নেৰিবা শাস্ত্ৰৰ লয়,
 চিন্তা সবে আপোনাৰ হিত।