পৃষ্ঠা:ভবিষ্যত কথা.djvu/১২৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
১০৫
দামোদৰৰ ধৰ্ম্মপ্ৰচাৰ আৰু নাৰদসন্মিলন।

যিটো জনে সাবধানে শুনে ইটো কথা।
সমস্ত পাতক হৰে নাহিকে অন্যথা॥
বাঢ়য় ভকতি প্ৰেম হৰিৰ চৰণে।
ঘোৰ মায়া মোহ বন্ধ চিন্তয় তেখনে॥
শুনিলা পাছৰ কথা যতেক আপুনি।
এহিমতে ভকত বৎসল চক্ৰপাণি॥
স্ৰজন্ত পালন্ত সংহাৰন্ত বাৰম্বাৰ।
ইটো জানা আনন্দ বিলাশ কেশবৰ॥
কলিত নিস্তাৰ হেতু সুধিলা যিসব।
দামোদৰ নাম সন্ত অৱতাৰ হৈব॥
তান নাম গুণ লৈয়া তৰিব জগত।
শুনি পৰীক্ষিত ৰাজা ভৈলা হৰষিত॥
শুনা নৰ নাৰী হৰি চৰিত্ৰ অমৃত৷
আন চিন্তা ত্যজি ভজা হৰি চৰণত॥
মনুষ্য হৈবাৰ জানা এহি মানে কাম।
নিৰন্তৰে নৰে ডাকি বোলা ৰাম ৰাম॥

___