সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৮৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৭০
ভটিমা।

ধ্বজ যব পঙ্কজ অঙ্কুশ ভাসে।
পেখিতে বজ্ৰ ভকত ভয় নাশে॥
ইন্দু নিন্দি নখ চান্দ পৰকাশ।
ভকতক হৃদয় তাপ কৰূ নাশ॥
ৰতন উজা ণ্ট অঙ্গুলি দশ মাজে।
পদ পঙ্কজ মহ মঞ্জাৰ বাজে॥
উৰু কৰি কৰ দুহোঁ বলিত সমান।
বহুল নিতম্ব কটি ডমৰুক ঠাম॥
কিঙ্কিণী কনক লম্বি চিৰ পীত।
ৰুচিৰ কাঞ্চী কটি ৰতন জৰিত॥
মনো নাভি সৰোৰুহ গঞ্জে।
উদৰে ললিত ৰেখা তিনি ৰঞ্জে॥
সিংহ বন্ধ কন্ধ বহুল বক্ষ মাজে।
কমল শ্ৰীবৎস পান্তি বিৰাজে॥
পদ নখ পৰশি বনহু মালা শোহে।
ভ্ৰমৰা কেলি কৰত মধু লোহে॥
গজ মতি হাৰ পেচন্দাৰ লোলে।
পেখিতে ৰূপ ভুবন মন ভুলে॥
জগতক জীব সবহু একু ঠাম।
কণ্ঠে কৌস্তুভ মণি অনুশাম॥