সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৬৩
ভটিমা।

জয় জয় যোহৰি জগত বিয়াপী।
জয় জয় যোহৰি পাবন পাপী॥
জয় জয় যোহৰি নিজ অবতাৰী।
জয় জয় কেশব শৰণ তোহাৰি॥
কহয় মুৰুখ মতি মাধব দীন।
ভকতি মিনতি মতি সকল বিহীন॥
মাগো ভকতি ৰতি নাহি আন কাম।
ঘনে ঘনে বয়নে বোলহুঁ ৰাম নাম॥২৫॥

জয় জয় জগত জনক যদু নন্দন বন্দন
 শিব সুৰ ধাতা।
জয় জয় জগ জন জীবন যাদব
 ভকত মুকুতি পদ দাতা॥
জয় জয় কমলাকান্ত কমল দল
 কোমল পদ পৰকাশী।
জয় জয় সজ্জন ৰঞ্জন গঞ্জন
 দানব দৈত্য বিনাশী॥