সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৫৪

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৫০
ভটিমা।

পূতনী কাতন মনে ধৰি
 জীব বিযোজনকাৰী।
মায়া বল্লভ ভাল বিলাসিত
 নিৰ্জিত নিৰ্জৰ বৈৰী॥
তিনি ভুবন জন মৌলিক বিভুষণ
 মৰকত ৰত্ন সুবেশা।
চন্দ্ৰক নিশ্চয়ে বিচিত্ৰত কেকী
 পতত্ৰ সুবেশিত কেশা॥
যমলাৰ্জ্জুন ভঞ্জিয়ে শকট বিঘটিয়ে
 বালক কেলি কৰস্তা।
ধেনুক কেশীয়ে বকাসুৰ নাশিয়ে
 ধৰণী তাৰ হয়ন্তা॥
জয় গিৰি গোবৰ্দ্ধন গিৰি ধাৰন্তা
 গোগণ ৰক্ষণ শিলা।
দৰ্পিত সুৰ মুনি দম্ভৰি ভুঞ্জিয়ে
 দৰশিত নিজ ভুজ লীলা॥
কালিন্দী তীৰে কালী নাম
 ভূজঙ্গম ৰাজ নিবাসে।
তা বিষ লাগি জলচৰ খেচৰ
 তীৰ তরু লয় নাশে॥