সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৩৯

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩৭
ভটিমা।

আৰকত কৰতল মুনি-মন মোহা।
কনক শলকা অঙ্গুলি কৰু শোহা॥
বন্দুলি নিন্দি অধৰ কৰু কান্তি।
দাড়িম্ব নিবিড় বীজ দস্ত পান্তি॥
ঈষত হাস মদন মোহ যাই।
নাসা তিল ফুল কমলিনী মাই॥
নব যৌবন স্তন বদৰি প্ৰমাণ।
ঊৰু কৰি-কৰ কটি ডমৰুক ঠান॥
পদ পল্লৱ নব পঙ্কজ কান্তি।
চম্পক পাকৰি অঙ্গুলি কেৰি পান্তি॥
নখচয় চাৰু চান্দ পৰকাশ।
লহু লহু মত্ত গজ গমন বিলাস॥
কত লাবন্য বিধি নিৰমিল জানি।
কোকিল কণ্ঠে অমিয়া ঝুৰে বাণী॥
তুহোঁ সুকুমাৰ রুপ নোহে হীন।
ৰাজকুমাৰীক বয়স নবীন॥
সোহি বৰ ৰমণী ঘৰিণী যব হোই।
অব গৃহ-বাস সফল তব তোই।
কহলোঁ স্বৰূপ অব বচন শ্ৰীৰাম।
চল অবিলম্ব অব জনকক ঠাম॥