সমললৈ যাওক

পৃষ্ঠা:ভটিমা.pdf/৩১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৯
ভটিমা।

জয় জয় জগত- নিবাস।
জয় জয় অসুৰ বিনাশ॥
জয় ছেদক ভব পাশ।
জয় তাৰক নিজ দাস॥
জয় জয় ঈশ্বৰ মুৰাৰি।
জয় জয় অসুৰ-সংহাৰী॥
জয় জয় সাৰঙ্গ-ধাৰী।
জয় জয় ব্ৰহ্ম অধিকাৰী॥
জয় জয় জগতক ধাতা।
জয় জয় পাতক ঘাতা॥
জয় জয় ভৃত্যক ত্ৰাতা।
জয় জয় মুকুতি দাতা॥
জয় জয় যাদৱ ৰাম।
জয় জলধৰ তনু শ্যাম॥
জয় পূৰণ মন কাম।
জয় ভৱ তাৰক নাম॥
কৰু করুণা যদু ৰাই।
লেলোঁ শৰণ তুৱা পাই॥
পৰম পুৰুষ করু ত্ৰাণ।
তুমি বিনে গতি নাহি আন॥