আচাৰ্য্যই কলে, “হে আয়ুস্মানসকল, মই ইয়াতে থাকিম। তোমালোকে গৈ শৰীৰৰ কাৰণে অনুকুল পদাৰ্থ খাই আহাহঁক।
তপস্বীসকল বাৰাণসীত উপস্থিত হল। তেওঁলোকৰ কীৰ্ত্তি-যশৰ কথা শুনি ৰজাই তেওঁলোকক নিজৰ উদ্যানত চাতুৰ্মাস অতিবাহিত কৰিবলৈ প্ৰাৰ্থনা জনালে আৰু তেওঁলোকৰ খোৱা-বোৱাৰ দিহাও ৰাজমহলতে কৰি দিলে। এদিনাখন নগৰত সুৰাপান মহোৎসৱ হৈছিল। পৰিব্ৰাজকসকলে বনত মদিৰা পাব ক’ৰ পৰা? গতিকে ৰজাই সেই তপস্বীসকলক উৎকৃষ্ট মদিৰা পান কৰালে। মদ খাই তপস্বীহঁতে নাচিবলৈ ধৰিলে, গানৰ কোঢ়াল তুলিলে; কিছুমানেতো মদৰ ৰাগিত বলিয়া হৈ নানা প্ৰকাৰৰ কদৰ্য্য আচৰণ কৰিলে। ৰাগি শাম কটাত তেওঁলোকৰ বৰ অনুতাপ হল। সেই দিনাই ৰজাৰ উদ্যান এৰি হিমালয়লৈ যাত্ৰা কৰিলে আৰু আশ্ৰমত উপস্থিত হৈ প্ৰত্যেকে আচাৰ্য্যক প্ৰণাম কৰি একাষে বহি পৰিল। আচাৰ্য্য়ই তেওঁলোকক সুধিলে, ‘জন্মস্থানলৈ গৈ তোমালোক ভিক্ষা পোৱাত একো কষ্ট হোৱা নাহিলতো? আৰু তোমালোক সমগ্ৰ-ভাৱত আছিলাতো? তেওঁলোকে উত্তৰ দিলে, ‘আচাৰ্য্য! আমি বৰ সুখত আছিলো কিন্তু আমি পান নকৰিব লগীয়া বস্তু পান কৰিছিলোঁ;
অপায়িহ্ম অনাচ্চিহ্ম অগায়িহ্ম ৰুদিহ্ম চ।
বিসঞ্জকৰণিং পিত্বা দিট্ঠা নাহুহ্ম ৱানৰা॥
অৰ্থাৎ আমি মদ পান কৰিছিলোঁ, নাচিছিলোঁ, গাইছিলোঁ আৰু কান্দিছিলোঁ। মতলীয়া কৰা (মদ) পান কৰি আমি বান্দৰ হবলৈহে বাকী আছিল।[২]
ঋষি-মুনিসকলৰ মাজত জাতি-ভেদ নাছিল—তপস্বী ঋষি- মুনিসকলৰ মাজত জাতি-ভেদ প্ৰথাৰ বাবে কোনো ঠাই নাছিল
(২)^ সুৰাপানজাতক, সং ৮৭।