তপশ্চৰ্য্যা কৰিছিল। এওঁলোকৰ তপস্যাৰ মুখ্য বিষয় আছিল কোনো প্ৰাণীকে দুখকষ্ট নিদিয়া আৰু যিমানদূৰ সম্ভৱ দেহ-দণ্ডন কৰা অৰ্থাৎ নিজৰ দেহাক কষ্ট দিয়া। তেওঁলোকে অকলে বা সংঘৱদ্ধভাৱে বাস কৰিছিল। ভালেমান জাতক কথাত একো একোটা সংঘত পাঁচশলৈ তপস্বী পৰিব্ৰাজক থকাৰো উল্লেখ পোৱা যায়। বনত পোৱা কন্দ-ফল- মূল আদিৰেই তেওঁলোকে জীৱন নিৰ্ব্বাহ কৰিছিল আৰু কোনো কোনো সময়ত লুণীয়া আৰু টেঙা পদাৰ্থ খোৱাৰ অভিপ্ৰায়েৰে গৃহস্থ সমাজলৈ গৈছিল।১ তেওঁলোকক মানুহে বৰ সম্মান কৰিছিল আৰু তেওঁলোকক লাগতিয়াল সা-সামগ্ৰীও দান কৰিছিল। মানুহৰ ওপৰত ঋষি-মুনিসকলৰ বৰ প্ৰভাব আছিল, কিন্তু তেওঁলোকে মানুহক ধৰ্মোপদেশ নিদিছিল। তেওঁলোকৰ উহাহৰণ দেখিয়ে মানুহে অহিংসা মানি চলিছিল।
ঋষি-মুনিসকলৰ সৰলতা—এই তপস্বীসকল সাংসাৰিক ব্যৱহাৰ আৰু ছল-চাতুৰীত অনভিজ্ঞ হোৱা হেতুকে কেতিয়াবা কেতিয়াবা গৃহস্থীত সাঙোৰ খাই পৰিছিল। তিৰোতাসকলে ঋষ্যশৃঙ্গক ফান্দত পেলোৱা আৰু পৰাশৰে সত্যৱতীৰ লগত ৰতি- ক্ৰীড়া কৰাৰ কথা পুৰাণতে পোৱা যায়। ইয়াৰ বাহিৰে জাতক অট্ঠকথাতত এই ঋষি- মুনিসকলৰ আওপথে যোৱাৰ ভালেমান কাহিনী পোৱা যায়। আমি তাৰে এটা ইয়াতে উল্লেখ কৰোহঁক― পুৰণিকালত যেতিয়া ব্ৰহ্মদত্ত ৰজাই বাৰাণসী নগৰত ৰাজত্ব কৰিছিল, তেতিয়া কাশী ৰাষ্ট্ৰত ঔদিচ্য ব্ৰাহ্মণ-কুলত বোধিসত্বই জন্মগ্ৰহণ কৰিছিল। ডাঙৰ হলত তেওঁ প্ৰবজ্যা গ্ৰহণ কৰিলে আৰু নিজৰ পাঁচ শ শিষ্যৰে সৈতে হিমালয়ৰ নামনি অঞ্চলত থাকিবলৈ ললে। বৰ্ষা ঋতু চমু চাপি অহাত তেওঁৰ শিষ্যসকলে কলে, ‘আচাৰ্য্য, আমি আমাৰ জন্মস্থানলৈ গৈ লুণীয়া আৰু টেঙা বস্তু সেৱন কৰিব পাৰোনে?’
(১) লোণ আম্বিল সেৱনখং।
৪