পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৭৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৪০
ভগৱান বুদ্ধ
 

জন্মৰ এই ঠায়ে উচিত হব বুলি বিশ্বাস হয়। তেতিয়া আন দেৱপুত্ৰই কলে, ‘ইয়াৰ ৰজাৰ এজনে আন জনৰ লগত ন্যায় আচৰণ নকৰে। তেওঁলোকে ধৰ্ম্মাচৰণ নকৰে। উত্তম, মধ্যম, বৃদ্ধ, জ্যেষ্ঠ আদিৰ প্ৰতি সমাদৰ নকৰে। প্ৰত্যেকেই নিজকে ৰজা বুলি বিবেচনা কৰে। কোনেও কাৰো শিষ্য হবলৈ নিবিচাৰে। কোনেও কালৈকো কেৰেপ নকৰে। গতিকে এই নগৰী বোধিসত্বৰ বাবে অনুপযুক্ত।

 ৫।অৱন্তি ৰাজকুল—এজন দেৱপুত্ৰই কলে, এই প্ৰদ্যোতৰ কুল অতিশয় বলৱান, মহাবাহন-সম্পন্ন আৰু শত্ৰু-সেনা বিজয়ী। গতিকে বোধিসত্বৰ কাৰণে উপযুক্ত। তেতিয়া আন এজনে কলে, ‘এই কুলৰ ৰজা চণ্ড, নিষ্ঠুৰ, কঠোৰভাষী আৰু সাহসী, তেওঁ কৰ্ম্মত বিশ্বাস নকৰে। গতিকে এই কুল বোধিসত্বৰ বাবে শোভনীয় নহয়।

 ৬। মথুৰা ৰাজকুল—আন এজন দেৱপুত্ৰই কলে, এই মথুৰা নগৰী সমৃদ্ধ, সুভিক্ষ আৰু মানুহেৰে পৰিপুৰ্ণ। ই কংস কুলৰ শূৰসেন- হঁতৰ ৰজা সুবাহুৰ ৰাজধানী। গতিকে ইয়ে বোধিসত্বৰ কাৰণে যোগ্য। তেতিয়া আন এজনে কলে, ‘ইয়াৰ ৰজাজন মিথ্যাদৃষ্টি কুলত উৎপন্ন দ্স্য়ু ৰজা। গতিকে এই নগৰী বোধিসত্বৰ উপযুক্ত নহয়।

 ৭। কুৰু ৰাজকুল—এজন দেৱপুত্ৰই কলে, এই হস্তিনাপুৰত পাণ্ডৱ কুলৰ শূৰ আৰু সুস্বৰূপ ৰজাই ৰাজত্ব কৰে। এই কুলে আনৰ সৈন্যক পৰাস্ত কৰিব পাৰে। গতিকে ইয়েই বোধিসত্বৰ বাবে উপযুক্ত হব। তেতিয়া আন এজনে কলে, ‘পাণ্ডৱ কুলৰ ৰজাহঁতে নিজৰ বংশৰ ঠিকনাই নোহোৱা কৰি পেলাইছে। যুধিষ্ঠিৰক ধৰ্ম্মৰ, ভীমক বায়ুৰ, অৰ্জ্জুনক ইন্দ্ৰৰ আৰু নকুল সহদেৱক অশ্বিনীদ্বয়ৰ পুত্ৰ কোৱা হয়। গতিকে এই কুলো বোধিসত্বৰ উপযুক্ত নহয়।

 ৮। মৈথিলী ৰাজকুল—আৰু এজন দেৱপুত্ৰই কলে, ‘মৈথিল ৰজা সুমিত্ৰৰ ৰাজধানী এই মিথিলা নগৰী অতি ৰমণীয়। হাতী, ঘোঁৰা