পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৭৫

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
সমসাময়িক ৰাজনৈতিক পৰিস্থিতি
৩৯
 

বোধিসত্ব ভুষিতদেৱ-ভৱনত থকাৰ সময়ত তেওঁ ভাবিলে কোন ৰাজ্যত জন্ম লৈ মানুহৰ উদ্ধাৰ কৰা যায়? তেতিয়া দেৱপুত্ৰহঁতে তেওঁক ভিন ভিন ৰাজবংশৰ দোষ আৰু গুণবোৰ বৰ্ণনা কৰি শুনায়।

 ১। মগধ ৰাজকুল-কোনো দেৱপুত্ৰই কলে, “মগধ দেশৰ এই বৈদেহীকুল বৰ সমৃদ্ধ আৰু বোধিসত্বৰ জন্মৰ কাৰণে সেই বংশই উপযুক্ত হব।” তেতিয়া আন এজন দেৱপুত্ৰই কলে, এই কুল উপযুক্ত নহয়, কিয়নো এই কুল মাতৃশুদ্ধ আৰু পিতৃশুদ্ধ নহয়, (এই কুল) চঞ্চল আৰু বিপুল পুণ্যৰ দ্বাৰা অভিষিক্ত হোৱা নাই। তেওঁলোকৰ ৰাজধানী উদ্যান আৰু পুখুৰীৰে সুশোভিত নহয়, বৰং বনৰীয়া মানুহৰ বাবেহে শোভনীয় হব।

 ২। কোসল ৰাজকুল—এজন দেৱপুত্ৰই কলে, এই কোসলকুল সেনা, বাহন আৰু ধনেৰে সমৃদ্ধ হোৱা হেতুকে বোধিসত্বৰ বাবে উপযুক্ত। তেতিয়া আন দেৱপুত্ৰই কলে, এই কুল মাতঙ্গ-চ্যুতিৰ ফলত উৎপন্ন হছে; ই মাতৃ-পিতৃ-শুদ্ধ নহয় আৰু হীনধৰ্ম্মৰ প্ৰতি শ্ৰদ্ধা পোষণ কৰে, গতিকে যোগ্য নহয়।

 ৩। বংশ ৰাজকুল—আন এজন দেৱপুত্ৰই কলে, এই বংশ ৰাজকুল সমৃদ্ধ আৰু সুক্ষেম। এই দেশত সম্পন্নতা থকা হেতুকে বোধিসত্বৰ বাবে উপযুক্ত। তেতিয়া আন দেৱপুত্ৰই কলে, এই কুল প্ৰাকৃত আৰু চণ্ড। এই বংশৰ ভালেমান ৰজাৰ জন্ম হৈছে পৰপুৰুষৰ ঔৰসত। তদুপৰি এই কুলৰ বৰ্ত্তমান ৰজা উচ্ছেদবাদী (নাস্তিক), গতিকে বোধিসত্বৰ কাৰণে উপযুক্ত নহয়।

 ৪। বৈশালীৰ ৰজা-কোনো এজন দেৱপুত্ৰই কলে, এই বৈশালী মহানগৰী সমৃদ্ধ, সুক্ষেম, সুতিক্ষ, ৰমণীয়, মানুহেৰে পুৰ্ণ, ঘৰ আৰু মহলেৰে অলঙ্কৃত, পুষ্পবাটিকা আৰু উদ্যানেৰে প্ৰফুল্লিত। ই যেন দেৱতা সকলৰ ৰাজধানীৰহে অনুকৰণ কৰে। গতিকে বোধিসত্বৰ