পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৮৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
পৰিশিষ্ট ৩
৩৫১
 

দুখকাৰক হব, তেন্তে তুমি তাৰ সমূলি আচৰণ নকৰিবা, কিন্তু যদিহে দেখা যায় যে তাৰপৰা আত্মপৰহিতত বাধা নজন্মে আৰু শেহত সি সুখকাৰক ইব, তেন্তে তাৰ আচৰণ কৰিবা।

 “কায, বাক্য, মনেৰে কাম আৰম্ভ কৰাৰ পিচতে তাৰ প্ৰত্যৱেক্ষণ কৰিবা আৰু যদিহে এনে ধাৰণা হয় যে সি আত্মপৰহিতত বাধা জন্মাব পাৰে আৰু তাৰ পৰিণাম দুখদায়ক হব পাৰে, তেন্তে তাক তেতিয়াই এৰি দিবা। কিন্তু যদিহে এনে ধাৰণা হয় যে সি আত্মপৰহিতত বাধা নিদিয়ে আৰু শেহত সি সুখকাৰক হব, তেন্তে বাৰে বাৰে তাৰ আচৰণ কৰি থাকিবা।

 “কায়, বাক্য অথবা মনেৰে কাম কৰাৰ পিচতো তুমি তাৰ প্ৰত্য- ৱেক্ষণ কৰিবা আৰু যদিহে এনে ধাৰণা হয় যে সেই কায়িক বা বাচসিক কৰ্ম্ম আত্মপৰহিতৰ বাধাদায়ক আৰু অন্তত দুখকাৰক তেন্তে তুমি শান্তা বা বিদ্বান সব্ৰহ্মচাৰীৰ ওচৰলৈ গৈ সেই পাপৰ আৱিষ্কাৰ কৰিবা (তাক স্বীকাৰ কৰিবা) আৰু সাৱধান হবা যাতে আৰু তোমাৰ দ্বাৰা তেনে কাম হবলৈ নাপায়।

 “যদি সি মনেৰে কৰা কাম হয় তেন্তে সেই বিষয়ে অনুতাপ কৰিবা, লজ্জা কৰিবা আৰু ভৱিষ্যতলৈ কেতিয়াও তেনে চিন্তাক মনলৈ আহিবলৈ নিদিবা। কিন্তু যি কায়, বাক্য বা মনেৰে কৰা কাম আত্মপৰহিতত বাধক নহয় আৰু অন্তত সুখকাৰক, তাক মুদিত মনেৰে বাৰে বাৰে কৰিবলৈ শিকিবা।

 “হে ৰাহুল, অতীত কালত যিসকল শ্ৰমণ ব্ৰাহ্মণে নিজৰ কায়িক, বাচসিক আৰু মানসিক কাম পৰিশুদ্ধ কৰিছিল, তেওঁলোকে তাক বাৰে বাৰে প্ৰত্যৱেক্ষণ কৰিয়ে পৰিশুদ্ধ কৰি লৈছিল; ভৱিষ্যতলৈকো যি শ্ৰমণ ব্ৰাহ্মণে এই কাম পৰিশুদ্ধ কৰিব, বাৰে বাৰে প্ৰত্যৱেক্ষণ কৰিহে তাক পৰিশুদ্ধ কৰি লব পাৰিব। এই সময়ত যি ব্ৰাহ্মণে এই কামক পৰিশুদ্ধ