ৰাহুলে কলে, “হয়, পাইছোঁ ভদন্ত!”
“ৰাহুল, যাৰ মিছা কবলৈ লাজ নালাগে, তাৰ শ্ৰামণ্য এই পাত্ৰটোৰ নিচিনাই শুদা।”
“হে ৰাহুল, যুদ্ধৰ কাৰণে সজোৱা ৰজাৰ ডাঙৰ হাতীযে ভৰিৰে যুঁজে, মূৰেৰে যুঁজে, কাণেৰে যুঁজে, দাঁতেৰে যুঁজে, নেজেৰে যুঁজে।[৭] মাথোন শুঁড় দাল পৃথক কৰি ৰাখে। তেতিয়া মাউতে ভাৱে যে ইমান ডাঙৰ ৰজাৰ হাতীয়ে আন সকলো অঙ্গেৰে যুদ্ধ কৰিছে, কিন্তু শুঁড় দাল হলে পৃথক কৰি ৰাখিছে, যুদ্ধ জিকিবলৈ ই নিজৰ জীৱন উছৰ্গা কৰা নাই। যদিহে সেই হাতীটোৱে আন আন অঙ্গৰ লগতে শুঁড়ৰো ব্যৱহাৰ কৰে, তেতিয়া মাউতে ভাৱে যে হাতীয়ে যুদ্ধ জয়ৰ বাবে নিজৰ জীৱন উছৰ্গা কৰিছে, এতিয়া তাৰ আৰু কোনো ত্ৰুটি নাই। সেইদৰে ময়ো কওঁ যে যাৰ মিছা কোৱাত লাজ নালাগে, সি কোনো পাপকে এৰা নাই।[৮] গতিকে ৰাহুল, তুমি এনে অভ্যাস কৰিবা যাতে হাঁহি- ধেমালিতো মিছা কথা কবলগীয়া নহয়।
“ৰাহুল, দৰ্পণৰ দ্বাৰা কি কাম হয়?”
“প্ৰত্যৱেক্ষণ কৰা হয় ভদন্ত।”—ৰাহুলে উত্তৰ দিলে।
“তেনেকৈয়ে ৰাহুল, বাৰে বাৰে প্ৰত্যৱেক্ষণ কৰি (ভাবি চিন্তি) কায়, বাক্য, মনেৰে কাম কৰিব লাগে।
“হে ৰাহুল, যেতিয়া তুমি কায়-বাক্য-মনেৰে কিবা কাম কৰিবলৈ বিচাৰা, তেতিয়া প্ৰথমতে তাৰ প্ৰত্যৱেক্ষণ কৰিবা, আৰু যদি তোমাৰ এনে ধাৰণা হয় যে সি আত্ম-পৰহিতত বাধা দিব আৰু তাৰ পৰিণাম
- (৭)^ 'অট্ঠ কথা’ৰ মতে ইয়াৰ অৰ্থ হল-হাতীয়ে কাণেৰে বাণ ওফৰাই দিয়ে,
আৰু নেজত বান্ধি দিয়া শিল বা লোৰ টাঙানেৰে সকলোবোৰ ভাঙি চুৰমাৰ কৰে।
- (৮)^ যদি শ্ৰমণে অসত্য ৰাখি আনবোৰ পাপ ত্যাগ কৰে তেন্তে তেওঁ প্ৰকৃত যোদ্ধা
নহয়, তেওঁ শ্ৰামণ্যৰ কাৰণে নিজৰ জীৱন উছৰ্গা কৰা নাই।