৬
আৰু ভিক্ষুসকল, ৱিপস্সী বোধিসত্ত্বই যেতিয়া অকলে ভাবিবলৈ ধৰিলে, তেতিয়া তেওঁৰ মনত এই ধাৰণা হল যে মানুহৰ অৱস্থা অতিশয় পুতৌ লগা। তেওঁলোক জন্মে আৰু বুঢ়া হৈ যায়, কিন্তু এই দুখৰ পৰা কিদৰে মুক্তি পোৱা যায় সেই কথা হলে তেওঁলোকে নাজানে। তাকনো তেওঁলোকে কেতিযা কেতিয়া জানিব?
আৰু ভিক্ষুসকল, জৰা-মৰণ কিহৰ পৰা উৎপন্ন হয়, ৱিপস্সী বুদ্ধই সেই সম্বন্ধেও চিন্তা কৰিবলৈ ধৰিলে। তাৰ পিচত তেওঁ প্ৰজ্ঞা লাভ কৰি জানিব পাৰিলে যে জন্ম হলেই জৰা মৰণ আহে। আৰু জন্ম কেনেকৈ হয়? ভৱৰ কাৰণে? ভৱ কেনেকৈ হয়? উপাদানৰ কাৰণে। উপাদান তৃষ্ণাৰ কাৰণে, তৃষ্ণা বেদনাৰ কাৰণে, বেদনা স্পৰ্শৰ কাৰণে, স্পৰ্শ ষডাযতনৰ কাৰণে, ষডায়তন নামৰূপৰ কাৰণে আৰু নামৰূপ বিজ্ঞানৰ কাৰণে উৎপন্ন হয়। ৱিপস্সী বোধিসত্ত্বই এই কাৰণ পৰম্পৰা ক্ৰম হিচাপে জানি ললে। এইদৰে তেওঁ এইটোও জানিব পাৰিলে যে জন্মৰ পৰাতো জৰা-মৰণ নাহে, ভৱ নহলে জন্মই নহল হেঁতেন, বিজ্ঞান নহলে তো নামৰূপেই নহল হেঁতেন। আৰু ইয়াৰ ফলত তেওঁৰ মনত ধৰ্ম্মচক্ষু, প্ৰজ্ঞা, বিদ্যা আৰু আলোকৰ সৃষ্টি হল।
৭
আৰু ভিক্ষুসকল, অৰ্হৎ, সম্যক্, সমুদ্ধ ৱিপস্সী ভগৱানে মনেৰে ধৰ্ম্মোপদেশ দিয়াৰ কথা ভাবিলে, কিন্তু তেওঁৰ এই ধাৰণা হল—এই গভীৰ, দুৰ্দ্দৰ্শ, কষ্টবোধ্য, শান্ত, প্ৰণীত, তৰ্কেৰে বুজিব নোৱৰা, মাথোন নিপুণ পণ্ডিতেহে বুজিব পৰা ধৰ্ম্ম মই লাভ কৰিছোঁ। কিন্তু এই মানুহ বোৰ বিলাসত পৰি আছে, তেওঁলোকে বিলাসকে আনন্দ বুলি ভাবে,
তেওঁলোকৰ কাৰণে কাৰণ-পৰম্পৰা, প্ৰতীত্যসমুৎপাদ, উপাধিবোৰৰ
২১