পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৫৬

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩২০
ভগৱান বুদ্ধ
 

কুমাৰে দুখ আৰু উদ্বিগ্ন মনেৰে ভাবিবলৈ ধৰিলে, ধিক এই জন্ম, যাৰ কাৰণে জৰা, ব্যাধি আৰু মৰণ পোৱা যায়।

 বন্ধুমা ৰজাই সাৰথিৰ পৰা এই কথা জানিব পাৰি তেওঁৰ বিলাস সুখৰ সামগ্ৰী আৰু বঢ়াই দিলে•••• ইত্যাদি।

 আৰু ভিক্ষুসকল, শ শ হেজাৰ হেজাৰ বছৰৰ পিচত আকৌ সকলো আয়োজন কৰি ৱিপস্সী কুমাৰে সাৰথিৰ লগত উদ্যানৰ পিনে ওলাই গল। বাটতে তেওঁ এজন পৰিব্ৰাজকক দেখা পাই সাৰথিক সুধিলে, “এই পুৰুষজন কোন? তেওঁৰ মূৰ আৰু কাপোৰ আনৰ নিচিনা নহয নহয় কিয়?

 সাৰথি-মহাৰাজ! তেওঁ প্ৰব্ৰজিত।

 বিপস্‌সী-প্ৰব্ৰজিতৰ অৰ্থ কি?

 সাৰথি-প্ৰব্ৰজিত তেৱেঁই যাৰ মতে ধৰ্ম্মচৰ্য্যা ভাল, সমচৰ্য্যা ভাল, কুশল ক্ৰিয়া ভাল, পুণ্যক্ৰিয়া ভাল, অবিহিংসা ভাল আৰু ভুতদয়া ভাল।

 ৱিপস্‌সী-তেন্তে তেওঁৰ ওচৰলৈকে ৰথ চলোৱা।

 সেইমতে সাৰথিয়ে পৰিব্ৰাজকৰ ওচৰলৈ ৰথ লৈ গল। তেতিয়া ৱিপস্সী কুমাৰে তেওঁক সুধিলে, “তুমি কোন? তোমাৰ মূৰ আৰু কাপোৰ আনৰ নিচিনা নহয় কিয়?”

 পৰিব্ৰাজক-মহাৰাজ, মই প্ৰব্ৰজিত। মই এই বুলি বিশ্বাস কৰোঁ যে ধৰ্ম্মচৰ্য্যা, সমচৰ্য্যা, কুশলক্ৰিয়া, পুণ্যক্ৰিয়া, অবিহিংসা আৰু ভূতৰ প্ৰতি অনুকম্পা শ্ৰেয়ঃ।

 “ঠিক কথা!” বুলি কৈ বিপস্‌সী কুমাৰে সাৰথিক কলে, “মিত্ৰ সাৰথি, তুমি ৰথ লৈ অন্তঃপুৰলৈ উভতি বলা। মই চুলি আৰু দাৰিগোফ খুৰাই কাষায় বস্ত্ৰ পিন্ধি অনাগৰিক (গৃহ-ত্যাগী) প্ৰব্ৰজ্যা গ্ৰহণ কৰোঁ।”

 সাৰথিয়ে ৰথ লৈ অন্তঃপুৰলৈ গল। তাৰ পিচত বিপস্‌সী কুমাৰে তেতিয়াই প্ৰব্ৰজ্যা গ্ৰহণ কৰিলে।