পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৪১

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিনচৰ্য্য়া
৩০৫
 


যোৱাৰ কথা উল্লেখ কৰা হৈছে। এওঁলোক দুজনাৰ হতুৱাই ভগৱানে সাত বোধ্যংগৰ স্মৰণ কৰালে আৰু তাৰ ফলত তেওঁলোকৰ ৰোগ নাইকিয়া হল।

 কিছুদিনৰ কাৰণে একান্ত বাস—আমি আগেয়ে কৈ আহিছোঁহক যে ভগৱানে যাত্ৰাৰ সময়ত অথবা বাৰিষা কোনো এঠাইত অৱস্থান কৰিলে দুপৰীয়া এঘণ্টা দুঘণ্টা আৰু নিশাৰ প্ৰথম আৰু অন্তিম যাম সময় প্ৰায়ে ধ্যান-সমাধিত অতিবাহিত কৰিছিল। তদুপৰি ‘আনাপান স্মৃতি সংযুক্ত’ৰ নৱম সুত্তত এই বুলি কোৱা হৈছে যে এবাৰ ৱৈশালীৰ ওচৰৰ মহাবনৰ কূটাগাৰশালাত থকাৰ সময়ত তেওঁ পোন্ধৰ দিনলৈকে একান্তবাস কৰিছিল। কেৱল ভিক্ষাটন লৈ যোৱা এজন ভিক্ষুকহে তেওঁৰ ওচৰলৈ যোৱাৰ অনুমতি দিয়া হৈছিল। এই সুত্তৰ একাদশ সুত্তত এইদৰে উল্লেখ কৰা হৈছে—

 এবাৰ ভগৱান ইচ্ছামঙ্গল গাৱঁৰ ওচৰৰ ইচ্ছামঙ্গল বনত আছিল। তাত ভগৱানে ভিক্ষুসকলক কলে, “হে ভিক্ষুসকল, মই তিনিমাহ ধৰি অকলশৰীয়াকৈ থাকিবলৈ বিচাৰোঁ। পিণ্ডপাত অনা ভিক্ষুৰ বাহিৰে মোৰ ওচৰলৈ আন কোনো নাহে যেন।” সেই তিনিমাহৰ পিচত ভগৱান একান্তবাসৰ পৰা বাহিৰ ওলাই আহিল আৰু ভিক্ষুসকলক কলে, “যদি আন কোনো সম্প্ৰদায়ৰ পৰিব্ৰাজকে আপোনালোকক সোধে যে এই বেলি বাৰিষা ভগৱানে কি ধ্যান-সমাধি কৰি আছিল, তেতিয়া আপোনালোকে কব যে ভগৱানে আনাপান স্মৃতি সমাধি[১০] কৰি আছিল।

________________________________________

(১০)^  ‘আন’ অৰ্থাৎ আশ্বাস আৰু ‘অপান' অৰ্থাৎ প্ৰস্বাস। তাৰ ওপৰত সাধন কৰা সমাধিক ‘আনাপান স্মৃতি সমাধি ’ বোলা হয়। ইয়াৰ বিধান ‘সমাধি

মাৰ্গত (পৃষ্ঠা ৩৮-৪৮) দিয়া হৈছে।

২০