পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৪০

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০৪
ভগৱান বুদ্ধ
 


 বুদ্ধ ভগৱানে ধৰ্ম্মৰ উপদেশ দিবলৈ আৰম্ভ কৰাৰ সময়ত তেওঁৰ বিশেষ খ্যাতি হোৱা নাছিল, গতিকে তেওঁ বা তেওঁৰ ক্ষুদ্ৰ ভিক্ষু সম্প্ৰদায় বৰ্ষা-বাসৰ কাৰণে একেঠাইতে থাকিব নোৱাৰিছিল। পিচত চাৰিওপিনে তেওঁৰ সুখ্যাতি বিয়পি পৰাত প্ৰথমতে অনাথপিণ্ডিক শ্ৰেষ্ঠীয়ে শ্ৰাৱস্তীৰ ওচৰৰ জেতবনত তেওঁৰ কাৰণে এটা ডাঙৰ বিহাৰ সজাই দিয়ে।[৯] ইয়াৰ কিছু দিনৰ পিচত বিশাখা উপাসিকাই সেই চহৰৰ ওচৰতে পূৰ্ব্বাৰাম নামৰ এটা প্ৰাসাদ সাজি বৌদ্ধ-সংঘক সমৰ্পণ কৰে; বুঢ়া বয়সত ভগৱান বুদ্ধই বেচি ভাগ এই ঠাইতে বৰ্ষাবাস কৰিছিল। আন ঠাইৰ উপাসকে নিমন্ত্ৰণ জনালে বৰ্ষাবাসৰ কাৰণে ভগৱান তেওঁলোকৰ তালৈকো গৈছিল। বাৰিষা পজা ঘৰ সাজি মানুহে ভিক্ষুসকলৰ বাবে থকাৰ দিহা কৰি দিছিল। ভগৱানৰ বাবে এটা বেলেগ পজা সজা হৈছিল আৰু তাৰ নাম আছিল গন্ধকুটী।

 বাৰিষা ওচৰ কাষৰৰ উপাসকসকল বুদ্ধ-দৰ্শনৰ কাৰণে আহিছিল আৰু উপদেশ শুনিছিল। কিন্তু ভিক্ষা দিয়াৰ কাৰণে তেওঁলোক সদায় বিহাৰলৈ নাহিছিল। ভিক্ষু আৰু বুদ্ধ ভগৱানৰ প্ৰথা অনুসৰি ভিক্ষাটন কৰিব লাগিছিল আৰু কেতিয়াবাহে গৃহস্থৰ ঘৰলৈ নিমন্ত্ৰণ কৰা হৈছিল।

 নৰিয়া ভিক্ষুসকলৰ বা-বতৰা—ভিক্ষুসকলৰ কাৰো নৰিয়া হলে, দুপৰীয়া ধ্যান-সমাধি সম্পূৰ্ণ কৰি বুদ্ধ ভগৱানে তেওঁলোকৰ স্বাস্থ্য সম্বন্ধে বা-বতৰা লৈছিল। এবাৰ ৰাজগৃহৰ পিপ্ফলি গুহাত মহাকাশ্যপৰ নৰিয়া হৈছিল। সেই সময়ত ভগৱান আছিল বেণুবনত। ‘বোজ্‌ঝংগসংযুত্ত’ৰ চতুৰ্দ্দশ সুত্তত মহাকাশ্যপৰ স্বাস্থ্যৰ অৱস্থা সম্বন্ধে ভু-ভা লবলৈ সন্ধিয়া ভগৱান যোৱাৰ কথাৰ উল্লেখ আছে আৰু পঞ্চদশ সুত্তত আন এবাৰ মহামোগ্‌গল্লানৰ স্বাস্থ্যৰ খা-খবৰ কৰিবলৈ ভগৱান _________________________________________

(৯)^  চাওক, ‘বুদ্ধলীলাসাৰসংগ্ৰহ, পৃষঠা ১৬৭-১৭৯।