পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
৩০২
ভগৱান বুদ্ধ
 


ভিক্ষু-সংঘত থাকোঁতে ভগৱানৰ দিনচৰ্য্যা

 ভগৱান বুদ্ধই তেওঁৰ সংঘত কেনেদৰে অনুশাসন কৰিছিল, সেই কথা আটাইবোৰ পৰিব্ৰাজকে ভালদৰে জানিছিল। এই সুত্তৰপৰা স্পষ্টভাৱে দেখা যাব যে ভগৱান আন আন পৰিব্ৰাজকৰ পৰিষদলৈ গলেও তেওঁ বৰ শান্তভাৱে থাকিছিল। কেতিয়াবা কেতিয়াবা গৃহস্থ সকলৰ আমন্ত্ৰণ আৰু গৃহস্থসকলে দিয়া কানি-কাপোৰ গ্ৰহণ কৰিছিল, তথাপি অল্পাহাৰ কৰা, অন্নবস্ত্ৰত মিতাচাৰ আৰু একান্ত বাস ভাল পোৱা সম্বন্ধে তেওঁৰ খ্যাতি আছিল। তেওঁ ভিক্ষু সংঘৰ লগত যাত্ৰা কৰিলে, গাৱঁৰ বাহিৰত, উপবন বা আন কোনো সুবিধাজনক ঠাইত অনুস্থান কৰিছিল। নিশা ধ্যান-সমাধি সমাপ্ত কৰি মধ্যম যামত ওপৰত উল্লেখ কৰি অহা ধৰণে সিংহ-শয্যা গ্ৰহণ কৰিছিল আৰু দোক- মোকালিতে উঠি হয়তো ঘূৰি ফুৰিছিল নহলে ধ্যান সমাধিত নিমগ্ন হৈ পৰিছিল।

 ৰাতিপুৱা ভগৱান সেই গাওঁ বা চহৰত বেছিভাগ অকলেই ভিক্ষাটনত বাহিৰ হৈছিল আৰু বাটত ভিক্ষাটন কৰাৰ সময়ত প্ৰসঙ্গ মতে গৃহস্থসকলক উপদেশ দিছিল। এইদৰে বাটে বাটে গৈ থাকোঁতেই তেওঁ সিগালোৱাদসুত্তৰ ৰচনা কৰিছিল আৰু কসিভাৰদ্বাজসুত্ত আৰু এনে ধৰণৰ আন আন সুত্তত সন্নিৱিষ্ট উপদেশবোৰ তেওঁ ভিক্ষাটন কৰাৰ সময়তে দিছিল।

 পেটৰ কাৰণে যথেষ্ট ভিক্ষা পালে ভগৱান গাৱঁৰ বাহিৰলৈ গৈ কোনো গছ বা আন কোনো ঠাইত বহি সেই খিনিৰে আহাৰ কৰিছিল। তাৰ পিচত বিহাৰলৈ আহি অলপ সময় জিৰণি লৈ কিছু সময় ধ্যান সমাধিত কটাইছিল। সন্ধিয়া তেওঁৰ দৰ্শন কৰিবলৈ গৃহস্থসকল আহিছিল আৰু তেওঁৰ লগত ধৰ্ম্ম সম্বন্ধে আলোচনা কৰিছিল। এনে-