পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৩৭

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
দিনচৰ্য্যা
৩০১
 


আৰু অকল সেই ভিক্ষাৰ ওপৰতে নিৰ্ব্বাহ কৰে, তেওঁলোক মোৰ মান ৰক্ষা কৰি মোৰ আশ্ৰযত নাথাকিলহেঁতেন; কিয়নো মই কেতিয়াবা কেতিয়াবা গৃহস্থসকলৰ আমন্ত্ৰণ স্বীকাৰ কৰি ভাল অন্ন আধা কৰোঁ।

 হে উদায়ি, যি কোনো থকা ঠাই পালেই শ্ৰমণ গৌতম সন্তুষ্ট থাকে আৰু সেই সন্তোষৰ কথা আনকো কয়,-অকল এই বুলিয়েই যদি মোৰ শ্ৰাৱকসকলে মোৰ মান কৰি মোৰ আশ্ৰয়ত থাকিলহেঁতেন, তেন্তে মোৰ শ্ৰাৱকৰ ভিতৰত যি সকলে গছৰ তলত বা মুকলি ঠাইত থাকে আৰু আঠ মাহলৈকে আচ্ছাদিত স্থানত প্ৰৱেশ নকৰে, মোৰ মান ৰক্ষা কৰি তেওঁলোেক মোৰ আশ্ৰয়ত নাথাকিলহেঁতেন, কিয়নো মই মাজে সময়ে বিহাৰতো অৱস্থান কৰোঁ।

 হে উদায়ি, শ্ৰমণ গৌতমে একান্ত বাস কৰি আনকো তাৰ গুণ কয় বুলিয়েই যদি মোৰ শ্ৰাৱকসকলে মোৰ মান কৰি মোৰ আশ্ৰয়ত থাকিল হেঁতেন, তেন্তে তেওঁলোকৰ যিসকল অকল অৰণ্যতে থাকে আৰু পষেকৰ ভিতৰত মাথোন প্ৰতিমোক্ষৰ কাৰণে সংঘলৈ আহে, তেওঁলোক মোৰ মান ৰক্ষা কৰি মোৰ আশ্ৰয়ত নাথাকিলহেঁতেন, কিয়নো মই মাজে সময়ে ভিক্ষু, ভিক্ষুণী, উপাসক, উপাসিকা, ৰজা, মন্ত্ৰী, আন আন সংঘৰ নেতা আৰু তেওঁলোকৰ শ্ৰাৱক সকলৰ লগত দেখা সাক্ষাৎ কৰোঁ।

 তথাপি হে উদায়ি, আন এনে পাঁচোটা গুণ আছে, যাৰ বাবে মোৰ শ্ৰাৱক সকলে মোক সম্মান কৰে আৰু মোৰ আশ্ৰয়ত থাকে। (১) শ্ৰমণ গৌতম শীলৱান (২) তেওঁ যথাৰ্থ ধৰ্ম্মোপদেশক। (৩) তেওঁ প্ৰজ্ঞাৱান। সেই কাৰণে মোৰ শ্ৰাৱক সকলে মোক মানে আৰু মোৰ আশ্ৰয়ত থাকে। (৪) ইয়াৰ উপৰিও মই মোৰ শ্ৰাৱক সকলক চাৰিটা আৰ্য্য সত্যৰ উপদেশ দিওঁ আৰু (৫) আধ্যাত্মিক উন্নতিৰ বিভিন্ন পদ্ধতি বুজাই দিওঁ। এই পাঁচোটা গুণৰ কাৰণে মোৰ শ্ৰাৱকসকলে মোক

মান কৰে আৰু মোৰ আশ্ৰমত থাকে।