পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৯৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৬২
ভগৱান বুদ্ধ
 


দিছে যে জাতিভেদ প্ৰাকৃতিক নহয়। দ্বিতীয় ‘অস্‌সলায়নসুত্ত’ত তেওঁ ব্ৰাহ্মণ সকল ব্ৰহ্মদেৱৰ মুখৰ পৰা উৎপন্ন হোৱাৰ যুক্তি খণ্ডন কৰি দেখুৱাইছে। তৃতীয় ‘এসুকাৰিসুত্ত’ৰ দ্বাৰা প্ৰমাণ কৰা হৈছে যে আন আন বৰ্ণৰ কৰ্ত্তব্য অকৰ্ত্তব্য নিৰ্ণয় কৰি দিবলৈ ব্ৰাহ্মণসকলৰ কোনো অধিকাৰ নাই। চতুৰ্থ ‘মধুৰসুত্ত’ত মহাকাত্যায়নে স্পষ্টভাৱে দেখুৱাই দিছে যে আৰ্থিক আৰু নৈতিক দৃষ্টিকোণৰ পৰা জাতিভেদৰ কল্পনা কিমান নিৰৰ্থক। এই সুত্ত কেইটা ভালদৰে আলোচনা কৰি চালে ফটফটীয়াভাৱে দেখা যায় যে বুদ্ধ অথবা তেওঁৰ শিষ্যসকলে জাতিভেদ সমূলি ভাল নাপাইছিল আৰু তাৰ লোপ সাধন কৰিবলৈ তেওঁলোকে যথেষ্ট চেষ্টা কৰিছিল। কিন্তু সেই কাম তেওঁলোকৰ ক্ষমতাৰ বাহিৰৰ কথা আছিল। ব্ৰাহ্মণসকলে অকল ভাৰতৰ মাজ ভাগতে নহয়, গোদাৱৰীৰ পাৰলৈকে জাতি-ভেদ প্ৰথা বিয়পাই দিছিল; তাক অঁতৰাই দিয়াটো যি কোনো শ্ৰমণ-সংঘৰ পক্ষে সম্ভৱপৰ নহল।

 শ্ৰমণ সকলৰ মাজত জাতি-ভেদ নাছিল—তথাপি ঋষি-মুনিসকলৰ পৰম্পৰা অনুসৰি শ্ৰমণ সকলে নিজৰ সংঘত জাতিভেদক স্থান দিয়া নাছিল। যি কোনো জাতিৰে মানুহ শ্ৰমণ হৈ যি কোনো সংঘতে প্ৰৱেশ কৰিব পাৰিছিল। আমি নৱম অধ্যায়ত উল্লেখ কৰি আহিছোহঁক যে হৰিকেশিবল চাণ্ডাল আছিল আৰু তেওঁ নিৰ্গ্ৰন্থ ( জৈন ) সংঘত আছিল। বুদ্ধৰ ভিক্ষুসংঘততো স্বপাক নামৰ চাণ্ডাল আৰু সুনীত নামৰ ভঙ্গীৰ নিচিনা অস্পৃশ্য জাতিত উৎপন্ন মহান্ সাধু আছিল। [৬] ভগৱান বুদ্ধই কৈছিল, যে ‘আমাৰ সংঘৰ মহান্ গুণবোৰৰ ভিতৰত এটা হ'ল এযে যে ইয়াত কোনো জাতিভেদৰ বাবে ঠাই নাই। ভগৱানে কৈছিল, ‘হে ভিক্ষুসকল, গঙ্গা, যমুনা, অচিৰৱতী, সৰযু, মহী আদি নৈবোৰ
  ^  চাওক, 'বৌদ্ধ সংঘাচা পৰিচয়’, পৃষ্ঠা ২৫৩-৫৬