সংঘৰ শৰণ লওঁ। মোক আজিৰে পৰা আমৰণ শৰণ লোৱা উপাসক
বুলি ধৰি লব।'
কাত্যায়ন—মহাৰাজ, আপুনি মোৰ শৰণ নলব। মই যি ভগৱানৰ
শৰণ লৈছোঁ, আপুনিও তেওঁৰ শৰণ লওক।
ৰজা—হে কাত্যায়ন, সেই ভগৱান এতিয়া ক’ত?
কাত্যায়ন—সেই ভগৱানৰ সম্প্ৰতি পৰিনিৰ্ব্বাণ প্ৰাপ্তি হৈছে।
ৰজা—ভগৱান জীয়াই থকা হেঁতেন, মই তেওঁৰ দৰ্শন লাভৰ কাৰণে
এশ যোজন দূৰলৈকো গলোহেঁতেন। কিন্তু এতিয়া সেই পৰিনিৰ্ব্বাণ
প্ৰাপ্ত ভগৱানৰে মই শৰণ লওঁ। আজিৰ পৰা মোক আমৰণ শৰণ
লোৱা উপাসক বুলি ধৰি লব।
দ্বিতীয় অধ্যায়ত দিয়া ‘অঙ্গুত্তৰনিকায়’ৰ সুত্তৰ পৰা দেখা যাব যে
বুদ্ধৰ জীৱন-কালত মথুৰাত বৌদ্ধ ধৰ্ম্মৰ বিশেষ প্ৰসাৰ হোৱা নাছিল।
অৱন্তিপুত্ৰ বুদ্ধৰ পৰিনিৰ্ব্বাণৰ পিচত ৰজা হৈছিল চাগৈ, কিয়নো বুদ্ধৰ
জীৱন-কালত তেওঁ সিংহাসনত উঠাহেঁতেন তেওঁ নিশ্চয় বুদ্ধৰ সম্পৰ্কে
কিছু নহয় কিছু কথা জানিলেহেঁতেন। ওপৰত দিয়া সুত্তৰ শেষ অংশৰ
পৰা স্পষ্টভাৱে দেখা যায় যে ৰজাই বুদ্ধৰ পৰিনিৰ্ব্বাণ প্ৰাপ্তি সম্বন্ধেও
একো নাজানিছিল। বুদ্ধৰ জীৱন-কালত তেওঁৰ বাপেক ৰজা আছিল
আৰু তেওঁ ব্ৰাহ্মণ ধৰ্ম্মৰ প্ৰতি বিশেষ গুৰুত্ব দিছিল, গতিকে তেওঁ বোধ
হয় বুদ্ধৰ প্ৰতি বিশেষ ধ্যান দিয়া নাছিল। মহাকাত্যায়ন অৱন্তীবাসী
আছিল; মূলতে তেওঁ ব্ৰাহ্মণ আছিল আৰু বিদ্বানো আছিল, গতিকে
তেওঁ তৰুণ অৱন্তিপুত্ৰ ৰজাৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছিল
যেন অনুমান হয়।
শ্ৰমণসকলে জাতিভেদ ধ্বংস কৰিব লোৱাৰিলে—ওপৰত দিয়া চাৰিটা সুত্তৰ প্ৰথম ‘ৱাসিষ্ঠ সুত্ত'ত বুদ্ধ ভগৱানে স্পষ্টভাৱে দেখুৱাই