পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৭৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
যাগ-যজ্ঞ
২৩৭
 

দেখা কৰিবলৈ নোযোৱা। তুমি উত্তম কুলত জন্ম লাভ কৰিছা; তুমি ধনাঢ্য, 'বিদ্বান, সুশীল, ভালেমান লোকৰে তুমি আচাৰ্য্য, বেদমন্ত্ৰ শিকিবলৈ চাৰিওপিনৰ পৰা তোমাৰ ওচৰলৈ ভালেমান শিষ্য আহে। গৌতমতকৈ তুমি বয়সত ডাঙৰ আৰু মগধৰ ৰজাই অতিশয় সম্মান দেখুৱাই তোমাক এই গাওঁ দান কৰিছে, গতিকে গৌতমেই তোমাৰ লগত সাক্ষাৎ কৰিবলৈ অহাটো উচিত হব আৰু তুমি তেওঁৰ সাক্ষাৎ কৰিবলৈ নাযাব।

 কূটদন্ত—এতিয়া আপোনালোকে মোৰ কথা শুনক। শ্ৰমণ গৌতমে উচ্চ কুলত জন্ম গ্ৰহণ কৰি প্ৰচুৰ সা-সম্পত্তি ত্যাগ কৰি শ্ৰমণ হৈছে। তেওঁ তেজস্বী আৰু সুশীল। তেওঁ মধুৰ আৰু কল্যাণপ্ৰদ ভাষণ কৰে আৰু তেৱোঁ ভালেমানৰে আচাৰ্য্য আৰু প্ৰাচাৰ্য্য। তেওঁ কৰ্ম্মবাদী আৰু ক্ৰিয়াবাদী। তেওঁৰ ধৰ্ম্ম শুনিবলৈ সকলো দেশৰ পৰা মানুহ আহে। তেওঁ সম্যক সম্বুদ্ধ, বিদ্যাচৰণ-সম্পন্ন, লোকবিদ, দম্য পুৰুষৰ সাৰথি, দেৱ-মনুষ্যৰ শাস্তা, এইদৰে তেওঁৰ কীৰ্ত্তি চাৰিও পিনে বিয়পি পৰিছে। বিম্বিসাৰ ৰজা আৰু কোশলৰ ৰজা পসেনদি দুয়ো নিজৰ নিজৰ পৰিজনবৰ্গেৰে সৈতে তেওঁৰ শ্ৰাৱক হৈছে। এই ৰজা সকলৰ নিচিনাকৈয়ে তেৱোঁ পৌষ্কৰসাদীৰ নিচিনা ব্ৰাহ্মণৰ কাৰণে পূজনীয়। তেওঁৰ ইমানখিনি যোগ্যতা আছে আৰু এই সময়ত তেওঁ আমাৰ গাৱঁলৈ আহিছে, গতিকে তেওঁক আমাৰ অতিথি বুলি গণ্য কৰা উচিত আৰু অতিথি হিচাপে তেওঁৰ দৰ্শন কৰিবলৈ গৈ তেওঁৰ সৎকাৰ কৰাটো আমাৰ পক্ষে উচিত হব।

 ব্ৰাহ্মণ—হে কূটদন্ত, তুমি গৌতমৰ যি স্তুতি কৰিলা তাৰ পৰা এনে লাগিল যেন এশ যোজন খোজ কাঢ়ি গৈও সজ্জন সকলে তেওঁৰ দৰ্শন কৰা উচিত। বলাহঁক, আমি আটায়ে তেওঁৰ দৰ্শন কৰোঁগৈ।

 ইয়াৰ পিচত সেই ব্ৰাহ্মণ সকলৰ লগত কূটদন্ত ভগৱানক বুদ্ধ অৱস্থান