পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৭২

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২৩৬
ভগৱান বুদ্ধ
 


সুযজ্ঞ কি?

 ভগৱান বুদ্ধই ‘দীঘনিকায়’ৰ কূটদন্তসুত্তত ৰজা আৰু ধনী ব্ৰাহ্মণ সকলে কিদৰে যজ্ঞ কৰা উচিত তাৰ সংকেত দিছে। সেই সুত্তৰ সাৰাংশ হল এই—

 এবাৰ ভগৱান বুদ্ধই ঘূৰি পকি ফুৰোঁতে খাণুমত নামৰ এখন ব্ৰাহ্মণ গাৱঁত উপস্থিত হল। মগধ দেশৰ ৰজা বিম্বিসাৰে সেই গাওঁখন কূটদন্ত নামৰ এজন ব্ৰাহ্মণক দান দিছিল। সেই ব্ৰাহ্মণে মহা যজ্ঞৰ কাৰণে সাত শ বলধ, সাত শ দমৰা, সাত শ দামুৰী, সাত শ ছাগলী আৰু সাত শ ভেৰা আনি ৰাখিছিল।

 ভগৱান খানুমত গাৱলৈ অহা শুনি গাৱৰ আটাইবোৰ ব্ৰাহ্মণ একেলগ হৈ কূটদন্ত ব্ৰাহ্মণৰ প্ৰসাদৰ আগেৰে গৈ আছিল। কূটদন্তই তেওঁলোক ক’লৈ যাবলৈ ওলাইছে, সেই কথা জানিব পাৰি নিজৰ চাকৰক মাতি কলে, ‘সেই ব্ৰাহ্মণ সকলৰ আগত কচোন তেওঁলোেক যেন অলপ সময় ৰয়, ময়ো ভগৱানৰ দৰ্শনৰ কাৰণে যাবলৈ ইচ্ছা কৰোঁ।’

 কূটদন্তৰ যজ্ঞৰ কাৰণে ভালেমান ব্ৰাহ্মণ গোট খাইছিল। যেতিয়া তেওঁলোক শুনিলে যে কূটদন্তই ভগৱান বুদ্ধক দৰ্শন কৰাৰ বাবে যাবলৈ ওলাইছে তেতিয়া তেওঁলোকে কূটদন্তৰ ওচৰলৈ গৈ কলে, ‘হে কূটদন্ত, এই কথা সঁচানে যে তুমি গৌতমক দৰ্শন কৰাৰ কাৰণে যাবলৈ ওলাইছা?’

 কূটদন্ত—হয়, সঁচা, মই গোতমক দৰ্শন কৰিবলৈ ইচ্ছা কৰিছোঁ।

 ব্ৰাহ্মণ—হে কূটদন্ত, গৌতমক দৰ্শন কৰিবলৈ তোমাৰ পক্ষে যোৱাটো উচিত নহয়। যদি তুমি তেওঁক দৰ্শন কৰিবলৈ যোৱা তেন্তে তেওঁৰ যশৰ অভিবৃদ্ধি হব আৰু তোমাৰ যশৰ হানি হব। গতিকে এইটোৱে ভালহ ব যদি তেওঁ তোমাক সাক্ষাৎ কৰিবলৈ আহে আৰু তুমি তেওঁক