(৪) যি আত্মন্তপো নহয় আৰু পৰন্তপো নহয়। ইয়াৰে প্ৰথম শ্ৰেণীৰ সকল হল কঠোৰ তপস্যা কৰা তপস্বীসকল। তেওঁলোকে নিজৰে কষ্ট হবলৈ দিয়ে, কিন্তু পৰৰ হলে কষ্ট হবলৈ নিদিয়ে। দ্বিতীয় শ্ৰেণীৰ লোকসকল হল ব্যাধ, চিকাৰী আদি। তেওঁলোকে আন প্ৰাণীক কষ্ট দিয়ে কিন্তু নিজৰ হলে কোনো কষ্ট হবলৈ নিদিয়ে। তৃতীয় শ্ৰেণীৰ লোক হল—যাগ-যজ্ঞ কৰোঁতাসকল। তেওঁলোকে নিজকে কষ্ট দিয়ে আৰু আন আন প্ৰাণীসকলকো দুখ দিয়ে। চতুৰ্থ শ্ৰেণীৰ লোকসকল হল তথাগতৰ (বুদ্ধৰ) শ্ৰাৱকসকল। তেওঁলোকে নিজকে কষ্ট নিদিয়ে আৰু আনৰ কষ্ট হবলৈ নিদিয়ে।
এই সুত্তত এই চাৰিওবিধ মানুহৰে বিস্তৃত বিৱৰণ পোৱা যায়। তাৰে তৃতীয় বিধৰ বিৱৰণ চমুকৈ হল এই—
ভগৱানে কয়, “হে ভিক্ষু সকল, আত্মন্তপ আৰু পৰন্তপ মানুহনো কেনে ধৰণৰ? কোনো কোনো ক্ষত্ৰিয় ৰজা বা কোনো শ্ৰীসম্পন্ন ব্ৰাহ্মণে নতুন সংস্থাগাৰ নিৰ্ম্মাণ কৰে আৰু মুণ্ডন কৰাই খৰাজিন উৰি গাত তেল ঘিউ সানি লয় আৰু হৰিণৰ শিঙেৰে পিঠি খজুৱাই নিজৰ পত্নী আৰু পুৰোহিতক লগত লৈ সেই সংস্থাগাৰত প্ৰৱেশ কৰে। তাত গোবৰেৰে লেপা মাটিত একো নপতাকৈয়ে শুই পৰে। এজনী ভাল গাইৰ এক পন্হাৱ (পিয়ন) বা বাটৰ গাখীৰেৰে তেওঁ থাকে, দ্বিতীয় পন্হাৱ বা বাটৰ গাখীৰেৰে তেওঁৰ পত্নী থাকে, তৃতীয় পন্হাৱৰ গাখীৰেৰে পুৰোহিত ব্ৰাহ্মণ থাকে, চতুৰ্থ পন্হাৱৰ গাখীৰেৰে হোম কৰে। চাৰিও পন্হাৱৰ পৰা বাকী থকা গাখীৰখিনিৰে পোৱালি বৰ্ত্তি থাকিব লগীয়া হয়।
‘তাৰ পিচত তেওঁ কয়, “মোৰ এই যজ্ঞৰ কাৰণে ইমান বলধ মাৰা, ইমান দামুৰী মাৰা, ইমান ভেৰা মাৰা, বলিশালৰ কাৰণে অতজোপা গছ কাটা, কুশাসনৰ কাৰণে ইমানখিনি কুশ কাটি আনা।” দণ্ডৰ ভয়ত তেওঁৰ দাস, দূত আৰু কৰ্ম্মচাৰীহঁতে চকুপানী টুকি