কেতিয়াবা উপেক্ষা কৰিব লগীয়া হয় আৰু কেতিয়াবা তাক নুমাব- লগীয়াও হয়।’[৩]
ভগৱানৰ এই ভাষণ শুনি উদগত ব্ৰাহ্মণ তেওঁৰ উপাসক হল আৰু কলে, ‘হে গৌতম, মই ‘বলিশালৰ পৰা পাঁচ শ বলধ, পাঁচ শ দমৰা, পাঁচ শ দামুৰী, পাঁচ শ ছাগলী আৰু পাঁচ শ ভেৰা আদি সকলো প্ৰাণীকে মুকলি কৰি দিওঁ, সিহঁতৰ জীৱন দান কৰোঁ। সিহঁতে সেউজীয়া ঘাঁহ আৰু চেঁচা পানী খাই শীতল ছাঁত আনন্দেৰে থাকক।’
যজ্ঞত তপশ্চৰ্য্যাৰ মিশ্ৰণ—বুদ্ধৰ সময়ৰ যাগ-যজ্ঞত ব্ৰাহ্মণসকলে তপশ্চৰ্য্যাৰ মিশ্ৰণ কৰিছিল। বৈদিক মুনি সকলে অৰণ্যত থাকি তপস্যা কৰিলেও মাজে সময়ে সৰু বৰ যজ্ঞৰো অনুষ্ঠান কৰিছিল। ইয়াৰে দুই এটা উদাহৰণ আমি তৃতীয় অধ্যায়ত দি আহিছোঁ। তাৰ বাহিৰেও যাজ্ঞবল্ক্যৰ উদাহৰণলৈ লক্ষ্য কৰক। যাজ্ঞৱল্ক্য বিৰাট তপস্বী আৰু ব্ৰহ্মনিষ্ঠ বুলি প্ৰখ্যাত আছিল। তথাপি তেওঁ জনক ৰজাৰ যজ্ঞত যোগদান কৰিছিল আৰু শেহত দহ হেজাৰ সুবৰ্ণপাদৰ লগত এহেজাৰ গাইৰ দক্ষিণা গ্ৰহণ কৰিছিল।[৪] কিন্তু ভগৱান বুদ্ধৰ মতে যজ্ঞ আৰু তপস্যাৰ সানমিহলি কৰাৰ ফলত দুগুণ দুখৰ সৃষ্টি হয়। ‘কন্দৰক সুত্ত’ত[৫] ভগৱানে চাৰি প্ৰকাৰৰ মানুহৰ কথা বৰ্ণনা কৰিছে—(১) যি আত্মন্তপ, কিন্তু পৰন্তপ নহয়, (১) যি পৰন্তপ, কিন্তু আত্মন্তপ নহয়, (৩) যি আত্মন্তপ আৰু পৰন্তপ,
- (৩)^ এই তিনিবিধ অগ্নি ব্ৰাহ্মণ গ্ৰন্থত প্ৰসিদ্ধ। দক্ষিণাগ্নি-গাৰ্হপত্যাহৱনীয়ো
এয়োহগ্নয়ঃ-( অমৰকোণ)। ইয়াৰ পৰিচৰ্য্যা কি দৰে কৰিব লাগে আৰু ইয়াৰ ফল কি সেই সম্বন্ধে গৃহসূত্ৰাদি গ্ৰন্থত বিৱৰণ পোৱা যায়।