[ ২৬ ]
(৪) মুনিগাথা = মুনিসুত্ত (সুত্ত নিপাত )
(৫) মোনেয়সুতে = নাল্লকসুত্ত (সুত্ত নিপাত )
(৬) উপতিসপসিনে = সাৰিপুত্ত সুত্ত (সুত্ত নিপাত )
(৭) লাঘুলোৱাদ = ৰাহুলোৱাদ (মজ্ ঝিম সুত্ত, সং ৬১)
এই সাতোটাৰ ভিতৰত 'ধৰ্ম্মচৰূপৱনত্তন সুত্ত’ আটাইকেইটাতে পোৱা যায়, গতিকে তাৰ গুৰুত্ব যে বিশেষ ধৰণৰ তাক নকলেও চলে। সেই কাৰণেই অশোকে তাকে পোন পহিলতে স্থান দিছিল। বাকী ছটাৰ তিনিটা তেনেই এটা ক্ষুদ্ৰ সুত্তনিপাতত পোৱা যায়। তাৰ পৰাই সেই দুত্তনিপাতৰ প্ৰাচীনত্বৰ প্ৰমাণ পোৱা যায়, তাৰে অন্তিম দুই বগ্ গ আৰু ‘খগ্সা গণবিসাণ সুত্ত’ সম্বন্ধে নিদ্দেস নামৰ বিস্তৃত টীকা আছে আৰু তাক ‘খুদ্দক নিকায়’ত সন্নিবিষ্ট কৰা হৈছে। সুনিপাতৰ এই ভাগ নিদ্দেশৰ অন্ততঃ দুই এক শতিকা আগৰে পৰা চলি থকা বুলি ধৰি লোৱাটো উচিত হব। তাৰ দ্বাৰাও সুনিপাতৰ প্ৰাচীনত্ব সিদ্ধ হয়; হয়তো তাৰ আটাইবোৰ সুত্ত প্ৰাচীন নহয়, কিন্তু অধিক ভাগ হলে নিঃসন্দেহে পুৰণিকলীয়। আমাৰ এই পুথিত বুদ্ধ-চৰিত্ৰ বা বুদ্ধৰ উপদেশ সম্বন্ধে যি আলচ কৰা হৈছে, তাক এনেধৰণৰ প্ৰাচীন সুত্তৰ আধাৰতহে কৰা গৈছে।
এতিয়া আমি মূল বুদ্ধ-চৰিত্ৰ সম্বন্ধে বিবেচনা কৰোহঁক। 'ত্ৰিপিটক’ৰ একে ঠাইতে সম্পূৰ্ণভাৱে বুদ্ধ-চৰিত্ৰ দিয়া হোৱা নাই। তাক জাতক- অট্ঠকথাৰ নিদান-কথাৰ পৰাহে পোৱা যায়। এই অট্ঠকথা বোধহয় বুদ্ধঘোষৰ সময়ত অৰ্থাৎ খৃষ্ঠীয় পঞ্চম শতিকাত ৰচিত হৈছিল। এই অট্ঠকথাত ইয়াৰ আগৰ সিংহলী অট্ঠকথাৰ পৰাও ভালেমান বিষয় লোৱা হৈছে। এই বুদ্ধচৰিত্ৰ প্ৰধানতে ‘ললিতৱিস্তাৰৰ আধাৰত লিখা গৈছে। ললিতৱিস্তাৰ পুথি বোধহয় খৃষ্টীয় প্ৰথম শতিকা নাইবা তাৰ কিছু বছৰৰ আগতে লিখা হৈছিল। ই হল মহাযান গ্ৰন্থ। তাৰে