ভালেমান ঠাইতে পোৱা যায়। উদাহৰণৰ বাবে ‘দীঘনিকায়’ অম্বট্ঠ সুত্তৰ শেহৰ এই অংশ চাওক—
“যদা ভগৱা অঞ্ঞাসি ব্ৰাহ্মণং পোক্খৰসাতিং কল্পচিতং মুদুচিত্তং বিনীৱৰণচিত্তং উদগ্গচিত্তং, পসন্নচিত্তং, অথ যা বুদ্ধানং সামুক্কংসিকা ধৰ্ম্মদেসনা তং পকাসেসি দুক্খং সমুদয়ং নিৰোধং মগ্গং।”
অৰ্থাৎ, “যেতিয়া ভগৱানে জানিব পাৰিলে যে পৌষ্কৰসাদি ব্ৰাহ্মণৰ চিত্ত প্ৰসঙ্গোচিত মৃদু আৱৰণৰ পৰা বিমুক্ত, উদগ্ৰ আৰু প্ৰসন্ন হৈছে, তেতিয়া তেওঁ বুদ্ধৰ সামুৎকৰ্ষিক ধৰ্ম্মদেশ প্ৰকাশ কৰিলে। সি কেনে আছিল? সি আছিল-দুঃখ, দুঃখ-সমুদয়, দুঃখ-নিৰোধ আৰু দুঃখ- নিৰোৰ মাৰ্গ।”
অকল এই সুত্ততে নহয়, ‘মজ্ঝিম নিকায়’ৰ উপালি সুত্ত আদি আন আন সুত্ত আৰু ৱিনয় পিটকৰ ভালেমান ঠাইত এই বাক্য পোৱা যায়। মাথোন পাৰ্থক্য এইখিনিযে যে ইয়াত পোক্খৰসানি ব্ৰাহ্মণক সম্বোধন কৰা হৈছে আৰু তাত উপালি আদি গৃহস্থক সম্বোধন কৰা হৈছে। ইয়াৰ দ্বাৰা ৱিনয় সমুৎকৰ্ষৰ অৰ্থ এয়ে হয়—বিনয অৰ্থাৎ উপদেশ আৰু তাৰ সমুৎকৰ্ষৰ অৰ্থাৎ এই সামুৎকৰ্ষিক ধৰ্ম্মদেশ। গতিকে এসমযত এই চাৰি আৰ্য্যসত্যৰ উপদেশকো যে ৱিনয সমুক্কস বোলা হৈছিল, সেই সম্বন্ধে সন্দেহ নাই। অশোকৰ পিচতো ভলেমান দিনলৈকে ধন্মচক- পৱত্তন সুত্ত’ নাম চলি আছিল চাগৈ। চক্ৰবৰ্ত্তী ৰজাসকলৰ কথা জনপ্ৰিয় হৈ উঠাত বুদ্ধৰ এই উপদেশৰ নাম ডাঙৰকৈ ৰখা হয়।
‘ৱিনয়সমুকসে’ই 'ধম্মচক্কপৱত্তন সুত্ত’ হলে, ভাবৰ শিলালিপিত নিৰ্দ্দেশিত সাতোটা উপদেশ বৌদ্ধ সাহিত্যত এইভাৱে পোৱা যায়―
(১) ৱিনয় সমুকসে =ধম্মচক্কপৱত্তন সুত্ত
(২) অলিয়ৱসানি=অৰিয়ৱংসা (অঙ্গুত্তৰ চতুক্কনিপাত)
(৩) অনাগতভয়ানি=অনাগতভয়ানি (অঙ্গুত্তৰ পঞ্চকনিপাত)