সমললৈ যাওক

পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২৩৮

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
২০২
ভগৱান বুদ্ধ
 


যুক্তিসঙ্গত নহব। ব্ৰাহ্মণ সকলে তেওঁৰ ওপৰত এই বুলি দোষ দিছিল যে তেওঁ বেদৰ নিন্দা কৰিছিল, গতিকে তেওঁ নাস্তিক আছিল। কিন্তু বুদ্ধই বেদৰ নিন্দা কৰাৰ কথাও ক'তো পোৱা নাযায। আৰু ব্ৰাহ্মণসকলৰ পক্ষে মান্য ‘সংখ্যকাৰিকা' আদি গ্ৰন্থতো জানো বেদৰ কম নিন্দা কৰা হৈছে?

দৃষ্টৱদান শ্ৰৱিকঃ
স হ্যৱিশুদ্ধিক্ষযাতিশয়যুক্তঃ।

 অৰ্থাৎ ‘দৃষ্ট উপাযৰ নিচিনাকৈযে বৈদিক উপায়ো (নিৰুপযোগী), কিয়নো সি অবিশুদ্ধি, নাশ আৰু অতিশয়যুক্ত।’

 আৰু জানো ‘ত্ৰৈগুণ্য ৱিষয়া ৱেদাঃ' আদি বেদৰ নিন্দা ‘ভগৱদগীতা’ত পোৱা নাযায়! কিন্তু সাংখ্যত ব্ৰাহ্মণসকলৰ জাতিভেদৰ ওপৰত কোনোৰূপ আঘাত কৰা হোৱা নাই আৰু ভগৱদগীতাইতো খোলাখুলিকৈয়ে জাতিভেদ সমৰ্থন কৰিছে। গতিকে এইবোৰ গ্ৰন্থত কৰা বেদ নিন্দা সহ্য কৰা হয। আন হাতে আকৌ বুদ্ধই বেদ-নিন্দা কৰা নাছিল, কিন্তু জাতিভেদৰ ওপৰত তেওঁ বিষম আঘাত কৰিছিল, এতেকে তেওঁক বেদনিন্দুক বুলি সাব্যস্ত কৰা হয়। বেদেই জাতি-ভেদ আৰু জাতি-ভেদেই বেদ। এইখিনিত দুয়োৰো মাজত সামঞ্জস্য আছে। জাতি-ভেদ নহলে বেদ কেনেকৈ থাকিব? আৰু জাতি-ভেদ অক্ষুন্ন থাকিলে বেদৰ লাগিলে এটা অক্ষৰৰো জ্ঞান নাথাকক তথাপি বেদ-প্ৰামাণ্য-বুদ্ধি অক্ষুন্ন থকা হেতুকে বেদো অক্ষুণ্ণ থকা বুলি ধৰি লব লাগিব।

 ওপৰত কৰি অহা আলোচনাৰ পৰা স্পষ্টভাৱে দেখা যায় যে বুদ্ধৰ সমসাময়িক শ্ৰমণ ব্ৰাহ্মণ সকলে ঈশ্বৰবাদত অলপো গুৰুত্ব আৰোপ নকৰিছিল। তাৰে কিছুমানে ঈশ্বৰৰ ঠাইত কৰ্ম্ম মানিছিল আৰু কেতিয়াবা কেতিয়াবা বুদ্ধ কৰ্ম্মবাদী নহয়, গতিকে তেওঁ নাস্তিক-এনে ধৰণে বুদ্ধৰ ওপৰত দোষাৰোপ কৰা হৈছিল। এই সম্পৰ্কীয় ভুল ধাৰণা সম্বন্ধে ইয়াৰ পিচৰ অধ্যায়ত আলোচনা কৰা হব।