পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/২১৩

ৱিকিউৎসৰ পৰা
এই পৃষ্ঠাটোৰ বৈধকৰণ হৈছে
শ্ৰাৱক সংঘ
১৭৭
 

 অৰ্থাৎ ‘সকলো ধৰ্ম্ম ত্যাগ কৰি তুমি অকল মোৰ শৰণ লোৱা। মই তোমাক সকলো পাপৰপৰা মুক্ত কৰি দিম। তুমি শোক নকৰিবা।'

 কিন্তু ভগৱান বুদ্ধই কয়, 'তুমি বুদ্ধ, ধৰ্ম্ম আৰু সংঘৰ আশ্ৰয় লৈ নিজৰ পৰিশ্ৰমৰ দ্বাৰা নিজৰ আৰু আনৰ দুখ নাশ কৰা, জগতৰ দুখ কম কৰা।'

 যদি আমি সংসাৰৰ জ্ঞানী আৰু শীলৱান মুনিহ-তিৰোতাৰ সংঘ স্থাপন কৰি তেওঁৰ শৰণলৈ নিওঁহক তেন্তে দুখ বিনাশৰ মাৰ্গ জানো সুগম নহব?

 সংঘই আটায়েৰে নেতা—বুদ্ধ ভগৱানে নিজৰ পিচত কাকো সংঘৰ নেতা কৰা নাছিল। তেওঁ বৰং এই নিয়ম বান্ধি দিছিল যে সমগ্ৰ সংঘ মিলি সংঘৰ কাম কৰিব লাগে। একসত্ত্বাত্মক শাসন প্ৰণালীত ডাঙৰ দীঘল হোৱা মানুহৰ পক্ষে বুদ্ধৰ এই ব্যৱস্থা যে অদ্ভুত যেন লাগিছিল, তাত আচৰিত হবলগীয়া নাই।

 তেতিয়া ভগৱানৰ পৰিনিৰ্ব্বাণ প্ৰাপ্তিৰ বৰ বেচি দিন হোৱা নাছিল। সেই সময়ত আনন্দ বাজগৃহত আছিল। প্ৰদ্যোতৰ ভয়ত অজাতশত্ৰু ৰজাই ৰাজগৃহৰ মেৰামতি আৰম্ভ কৰাইছিল আৰু সেই কামৰ ভাৰ দিছিল গোপক মোগ্‌গল্লান নামৰ এজনৰ ব্ৰাহ্মণৰ ওপৰত। ভিক্ষাৰ বাবে আয়ুষ্মান আনন্দ ৰাজগৃহৰ পথত বাহিৰ হল। কিন্তু ভিক্ষাটনৰ বাবে তেতিয়াও পলম আছিল, গতিকে তেওঁ গোপক মোগ্‌গল্লানৰ ওচৰলৈ গল। ব্ৰাহ্মণে তেওঁক আসন দিলে আৰু নিজে তল খাপৰ আসনত বহি প্ৰশ্ন কৰিলে,'ভগৱানৰ নিচিনা গুণৱান ভিক্ষু আৰু কোনোবা আছেনে?’ আনন্দই উত্তৰ দিলে, 'কোনো নাই!'

 এই কথা-বতৰা চলি থাকোঁতে মগধদেশৰ প্ৰধান মন্ত্ৰী ৱস্‌সকাৰ

ব্ৰাহ্মণ তাত উপস্থিত হল আৰু তেওঁ আনন্দৰ কথা শুনি সুধিলে, 'সেই

 ১২